পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কুটুব মিনাৰৰ এনিশা

ইতিহাসৰ খটখটি বগাই।
পোহৰ আৰু আনন্দৰ পম খেদি।
সিহঁতৰ উৰ্দ্ধমুখী যাত্ৰা;
নক্ষত্ৰ খচিত সংস্কৃতিৰ বিশাল আকাশত
সিহঁতৰ তন্ময় দৃষ্টি;
হৃদয়ৰ খোলা খিড়ীকিৰে
হাঁহি মাতি কথা পাতি গৈছিল
দূৰ অতীতৰ সতে।
হঠাতে নুমাল চাকি
লগে লগে আন্ধাৰত তিৰ্‌বিৰাই উঠিল
এজাক পশুৰ চকু।
আচম্বিতে ধুমুহা আহিল
মিনাৰৰ চূড়া কঁপে থৰ থৰ
অৱৰূদ্ধ বায়ুত ভাঁহে আৰ্ত্তনাদ
ভঙা খিড়ীকিৰ কাঁচত ওলমি ৰ’ল
মেঘে ঢকা ছিন্ন ভিন্ন বিকৃত আকাশ।
ৰক্তাক্ত ভৰিৰে বুৰঞ্জীৰ পৃষ্ঠা গছকি
সিহঁত গৈ থাকিল, গৈয়েই থাকিল;
ৰামকলৰ পুলি যেন নিটোল দেহবোৰ
ক্ৰন্দসী পৃথিবীৰ বুকুলৈ উভতি আহিল
অন্ধ আতুৰ প্ৰিয়জনৰ বাবে।