পৃষ্ঠা:হৃদয়ৰ অৰণ্যত.pdf/২০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অৱলুপ্ত প্ৰাত্যহিক স্থিতিৰ দীনতা
মৃত্তিকাৰ চন্দন প্ৰলেপে
শীতলায় ছাটিফুটি জীৱন যন্ত্ৰনা;
ঠুনুকা হাড়ত
দুবৰিয়ে ৰূপ দিয়ে মহা সপোন।

হে মৰণ, যুগে যুগে জীৱনক
সহনীয় মোহনীয় কৰিছা তুমিয়ে।

১৯৮৫ চন


॥ হৃদয়ৰ অৰণ্যত ॥ ১৫