পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদেশে বক্তৃতা প্ৰসংগত উদ্ধৃত কৰিছিল। উপনিষদৰ ‘অভীঃ' ( ভয় শূণ্য হোৱা) মন্ত্ৰ, “উত্তিষ্ঠত জাগ্ৰত, প্ৰাপ্য বৰাণ্‌ নিবোধত”— এই জাগৃতি মন্ত্ৰেৰে তেওঁ দেশবাসীক মহত্ত্বৰ উজ্জ্বলতৰ জীৱনৰ বাবে আহ্বান জনাইছিল। উপনিষদৰ আন দুগৰাকী ভক্ত আছিল ডঃ সৰ্ব্বেপল্লী ৰাধাকৃষ্ণণ আৰু ঋষি অৰবিন্দ। দুয়োজনা পণ্ডিতে ইং- ৰাজী গ্ৰন্থকাৰে উপনিষদৰ অনুবাদ আৰু ব্যাখ্যা আগবঢ়াই গৈছে।

 উপনিষদীয় দৰ্শনৰ মূলকথা হৈছে ব্ৰহ্মজ্ঞান। ইয়াত বিশ্বসত্ত্বা পৰিকল্পিত হৈছে এক পৰম শক্তিৰূপে যি চৰাচৰ সকলোতে পৰি- ব্যাপ্ত হৈ আছে, যি “সৰ্ব্বব্যাপী, জ্যোতিৰ্ময়, অশৰীৰী, শুদ্ধ, অপা- পবিদ্ধ, সৰ্ব্বদৰ্শী, স্বয়ম্ভু।” তেঁৱেই ব্ৰহ্ম, তেঁৱেই অক্ষৰ, পৰমাত্মা বা ভূমা। ব্ৰহ্ম “এহাতে যেনেকৈ সত্যস্বৰূপ, জ্ঞানস্বৰূপ আনহাতে আনন্দস্বৰূপ, অমৃতস্বৰূপ।” জ্ঞান কৰ্ম্ম-ভক্তিৰ পথেৰে আগবাঢ়ি দৈহিক, মানসিক, আত্মিক উৎকৰ্ষসাধনৰ দ্বাৰা ব্ৰহ্মত্ব লাভেই মানৱ জীৱনৰ চৰম প্ৰাপ্তি।

 ‘ঈশা’–এই শব্দৰে আৰম্ভ হোৱা ঈশোপনিষদ ভাৱৰ উৎকৃষ্ট- তাৰ দিশৰ পৰা বিশেষভাৱে উল্লেখনীয়। ঈপোপনিষদৰ প্ৰথম মন্ত্ৰ হৈছে-

“ঈশাবস্যমিদং সৰ্ব্বং যৎকিঞ্চ জগত্যাং জগৎ
তেন ত্যক্তেন ভূঞ্জীথাঃ মা গৃধ্ৰ কস্যচিৎ ধনম্‌।”

 “এই গতিশীল বিশ্বত যত যি বস্তু আছে সকলোবোৰ ঈশ্বৰৰ দ্বাৰা পৰিব্যাপ্ত হৈ আছে। ত্যাগৰ দ্বাৰা ভোগ কৰিবা,কাৰো ধনলৈ লোভ নকৰিবা।”

 মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে হিন্দুৰ সকলো ধৰ্ম্মগ্ৰন্থ যদি জুইত ভষ্মীভূত হয়, মাত্ৰ এইটো শ্লোক বাচে তথাপিত ইয়াৰ

বলতে হিন্দুধৰ্ম্ম হিন্দুসকলৰ মনত সজীৱ হৈ থাকিব।মাত্ৰ ওঠৰটি

॥৯৪॥