পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৮৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গভীৰতাই কিছু জটিল কৰি তুলিলেও তাত বোধগম্যতাৰ অভাৱ দেখা নাযায়।

 অলপতে কবিগৰাকীৰ আৰু এটি কাব্য সংকলন প্ৰকাশ পোৱাৰ কথা। শেহতীয়া কাব্য গ্ৰন্থ ‘জোকাৰ’ৰ পাতনিত কবিয়ে কৈছে, জোকাৰ ৰচনাৰ কালছোৱাত দুঃসময়ৰ তীব্ৰতা অনুভৱ কৰি আহিছোঁ৷ সময়ৰ জোকাৰটি বেদনাময় হ’লেও সুৰৰ জন্মলগ্নই উকি মাৰিছে প্ৰতিবাৰে শান্তিৰ ষ্টেচন পোৱাৰ আগজাননীত।” জিঘাংসু সময়ৰ শ্বাসৰূদ্ধ পৰিবেশ আতৰি গ'লে শান্তিৰ স্নিগ্ধ ছায়াত কবিৰ প্ৰাণবীণা হয়তো ন-ন সুৰৰ আলাপেৰে পুনৰ বাঙ্‌ময় হৈ উঠিব। অসমীয়া কাব্য সাহিত্যৰ ভঁড়াল সাৰ্থক সৃষ্টিৰে সমৃদ্ধ কৰা এই গৰাকী কবিৰ কাব্য প্ৰতিভাই সমাজত স্বীকৃতি লাভ কৰক-এয়েই আমাৰ কামনা।••

॥৭৯॥