পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাসনা খোদিত হোৱাত বাধা নাই। কলাই আনকি নগ্নতাকে। শিল্পৰ গৰিমা প্ৰদান কৰে।

 এই মন্দিৰৰ তিনিটা স্তৰত খোদিত শিলামূৰ্ত্তিসমূহে মানৱ জীৱ- নৰ তিনিটা স্তৰ⸺শৈশৱ, যৌৱন আৰু বাৰ্ধক্যক প্ৰতিনিধিত্ব কৰা বুলিও বহুতে ব্যাখ্যা আগবঢ়ায়। মন্দিৰ দেৱালৰ নৃত্যৰতা নাৰী- মূৰ্ত্তি সমূহৰ বিভিন্ন দেহ-ভঙ্গিমা বা মুদ্ৰাক লৈয়ে বিখ্যাত ওডিছি নৃত্যৰ পৰিকল্পনা হোৱা বুলি শুনা যায়। অসমত জাপিৰ দৰে উৰিষ্যাত কোণাৰ্কৰ ৰথচক্ৰ জাতীয় সংস্কৃতিৰ প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে। মুকথাত, কোনাৰ্ক সমৃদ্ধ শিল্পকৰ্ম্মই উৰিষ্যাৰ সাংস্কৃতিক

জীৱনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰি আহিছে আৰু ভবিষ্যতেও কৰিব।

॥৬২॥