পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৫২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এইষাৰ কথা সম্পূৰ্ণ সত্য যে ঐশ্বৰ্য-বিভূতিয়ে মানুহৰ দৈহিক বা ঐহিক বাসনা পৰিতৃপ্ত কৰিব পাৰে, কিন্তু প্ৰকৃত সুখ-শান্তি কেতিয়াও দিব নোৱাৰে। মানুহ তেজ-মঙহৰ শৰীৰ মাত্ৰ নহয়, যি কেৱল ভোগৰ দ্বাৰাই পৰিতৃপ্ত হব পাৰিব; সুখ-সম্ভোগৰ প্ৰতি মানুহৰ লালসাৰ অন্ত ক'তো নাই, যিমানে পায় সিমানে পোৱাৰ বাসনা বাঢ়িহে যায়। উপনিষদৰে আন এঠাইত কৈছে, “ন জাতু কাম কামানাং উপভোগেন শাম্যতি, হবিষ। কৃষ্ণবৰ্ত্মেৰ ভূয়ৰেবা- ভিবৰ্দ্ধতে” অৰ্থাৎ জুইত ঘিঁউ ঢালিলে যিদৰে জুইকুৰা বেছিকৈহে জ্বলি উঠে সেইদৰে ভোগ্যবস্তুবোৰো যিমানে পোৱা যায় সিমানে পোৱাৰ বাসনা বাঢ়ি গৈ থাকে। সেয়ে সংসাৰত প্ৰকৃত আৰু স্থায়ী শান্তি লাভৰ উপায় হৈছে ভোগ-বাসনাক সংযত কৰি জ্ঞানৰ অন্বেষণ কৰা। অজ্ঞানতাই সকলো দুখৰ কাৰণ। যিজন তত্ত্বজ্ঞানী, জীৱন আৰু জগৎ সম্পৰ্কে যিজনৰ প্ৰকৃত ধাৰণা আছে সেইজনেই প্ৰাণত নিবিড় শান্তি অনুভৱ কৰে। মানৱাত্মা হৈছে ঐশ্বৰিক শক্তিৰ এক ফিৰিঙতি, বিশ্ব-চৈতন্যৰ এক অংশ মাথোন। ভোগ-বিলাসৰ হেজাৰ সম্ভাৰেও আত্মাক তৃপ্ত কৰিব নোৱাৰে। ধুলি-মাকতিয়ে আইনা- খন ঢাকি ৰাখিলে তাত যিদৰে বস্তুৰ ৰূপ ভালদৰে প্ৰতিফলিত নহয় সেইদৰে ঐহিক সুখ-ভোগৰ বাসনাই অন্তৰ আৱৰি ৰাখিলে জীৱনৰ মূল সত্য কি বুজা নেযায়। তেনে অৱস্থাত প্ৰকৃত জ্ঞানৰ উদয় হব নোৱাৰে। সেয়ে মৈত্ৰেয়ীয়ে ক্ষণস্থায়ী পাৰ্থিৱ সম্পদলৈ পিঠি দি মানুহক অমৰ কৰিব পৰা পৰম জ্ঞানৰ বাবে হাবিয়াস কৰিছিল। —“মৃত্যোৰ্মা অমৃতং গময়”। আমি সচাকৈয়ে গৌৰৱবোধ কৰিব পাৰো যে হেজাৰ বছৰৰ আগেয়ে, যেতিয়া পশ্চিমৰ দেশবোৰে সভ্যতাৰ পোহ- ৰকে পোৱা নাছিল তেনে যুগতে ভাৰতীয় নাৰী মৈত্ৰেয়ীৰ কণ্ঠত মান-

ৱাত্মাৰ চিৰন্তন পিপাসা এইদৰে বলিষ্ঠ ভাষাৰে ধ্বনিত হৈছিল।

॥৪৭॥