পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সততে তেওঁলোকৰ বিপদৰ কাৰণ হোৱা দেখা যায়। নাৰী-দেহৰ প্ৰতি সহজে লালায়িত, অসংযমী পুৰুষৰ হাতত ধৰ্ষণ, বলাৎকাৰ আদিৰ বলি হৈ নাৰীয়ে মান সম্মানৰ লগতে বহুক্ষেত্ৰত প্ৰাণ পৰ্য্যন্ত হেৰুৱাব লগীয়া হয়। এহাতে নাৰীৰ ৰূপ-মুগ্ধ কবি-শিল্পীয়ে মহৎ সৃষ্টিৰ বাবে অনুপ্ৰেৰণা লাভ কৰিছে, আনহাতে সেই আকৰ্ষণতে এচাম অসৎ পুৰুযে অনেক অপকৰ্ম্মত লিপ্ত হৈ তিৰোতাৰ ঘোৰ সৰ্ব্বনাশ সাধি কাললৈ কুখ্যাতি আৰ্জি গৈছে। সীতাৰ ৰূপৰ প্ৰতি লালায়িত ৰাৱণে তেওঁক হৰণ কৰি নিয়া ঘটনাক কেন্দ্ৰ কৰিয়েই ৰামায়ণ মহাকাব্যৰ উৎপত্তি। গ্ৰীক মহাকাব্য ইলিয়াডতো দেখা যায় হেলেনৰ ৰূপত অন্ধ পেৰিছৰ দুস্কৃতিৰ ফলস্বৰূপে মহা মহা গ্ৰীক বীৰসকলৰ সৈতে ট্ৰয়নগৰ সমূলঞ্চে ধ্বংস হৈছিল। নাৰীদেহৰ আকৰ্ষণ ৰোধ কৰিবলৈকে সম্ভ- ৱতঃ মুছলমান সম্প্ৰদায়ৰ মাজত বোৰ্খাৰ প্ৰচলন হৈছিল। আনহাতে নাৰীয়েও নিজৰ ৰূপ-যৌৱনক অস্ত্ৰ হিচাপে লৈ পুৰুষৰ মন জয় কৰি নিজৰ স্বাৰ্থ পূৰণ কৰাৰ অলেখ দৃষ্টান্ত আছে। দেহোপজীৱিনী সকলে পুৰুষক প্ৰলুব্ধ কৰিবলৈকে নানাভাৱে সজাই-পৰাই ৰাখে বাবে তেওঁলোকক বেশ্যা (বেশে ভৱা, বেশ + যৎ, আপ) বোলা হৈছিল। নাৰীৰ ৰূপৰ সমুখত পুৰুয কেনেকুৱা অসহায় কীৰ্ত্তনৰ 'হৰমোহন' অধ্যায়টো পঢ়িলেই বুজিব পাৰি।তাহানি কালত উগ্ৰ- তপা ঋষিৰ চিত্তচাঞ্চল্য ঘটাই তপস্যা ভঙ্গ কৰিবলৈ সুন্দৰী অপ্সৰা সকলক পঠিয়াই দিয়া হৈছিল।

 অৱশ্যে ভগৱানে নাৰীক কেৱল এট সুন্দৰ দেহৰে নহয়, এটি সুকুমাৰ মনৰো অধিকাৰী কৰি পঠাইছে। পুৰুষৰ উগ্ৰ, অসহিষ্ণু প্ৰকৃতিৰ বিপৰীতে সাধাৰণতে নাৰীহৃদয় দয়া, প্ৰেম, ক্ষমা, কৰুণা, লজ্জা, ধৈৰ্য্য়, সৌন্দৰ্য্যবোধ আদি ভালেমান সৃজনাত্মক গুণৰ উৎস।

ভগৱানে নাৰীক সন্তান জন্ম আৰু লালন-পালনৰ দ্বাৰা সৃষ্টি ৰক্ষাৰ

॥৩৯॥