পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মেলা ফুলৰ মনোমোহা ৰূপ; ক্ৰমাঘয়ে তললৈ সৰু হৈ অহা হাতীৰ শূঁৰৰ শোভা, হৰিণীৰ চাৱনি, মৌ-মাখিৰ গুণ-গুণনি, সূৰ্য্যকিৰণৰ উষ্ণতা, মেঘৰ ক্ৰন্দসী স্বভাৱ, বতাহৰ চঞ্চলতা, শহাপহুৰ ভীতি- বিহবলতা,ময়ুৰৰ ৰূপৰ গৰ্ব্ব, ভাটো চৰাইৰ বুকুৰ কোমলতা, বজ্ৰৰ কঠোৰতা, মৌৰ মাধুৰ্য্য়, বাঘৰ নিষ্ঠুৰতা, জুইৰ পোহৰ, বৰফৰ শীত- লতা, কোকিলৰ মৌ-মিঠা কণ্ঠ, বগলীৰ চতুৰালি আৰু চক্ৰবাক চৰাইৰ প্ৰেমৰ একনিষ্ঠতা। এইদৰে প্ৰকৃতিৰ সৌন্দৰ্য্য তিলে-তিলে আহৰণ কৰি নাৰীক গঢ় দি সেই তিলোত্তমা নাৰীক তুলি নিলে পুৰুষৰ হাতত।” এই আখ্যানটিয়ে নাৰীৰ প্ৰকৃত দৈহিক, মানসিক ৰূপৰ সম্যক পৰিচয় দাঙি ধৰক বা নধৰক, নাৰীৰ ৰূপে পুৰুষৰ কল্পনাশক্তিক, সৌন্দৰ্যবোধক কিদৰে তানুপ্ৰাণিত, উজ্জীৱিত কৰে তাৰ সুন্দৰ আভাষ দিয়ে।

 আকৰ্ষণীয় ৰূপ-মাধুৰ্য্যৰ অধিকাৰিণী, সৃষ্টি ক্ষমতাসম্পন্না নাৰী জাতিক প্ৰকৃতিৰ সমাৰ্থক হিচাপে গণ্য কৰা হয়। প্ৰকৃতি জগৎ আৰু নাৰী কবি-শিল্পীসকলৰ সৌন্দৰ্য্য চেতনা আৰু শিল্পানুভূতি প্ৰকাশৰ প্ৰধান মাধ্যম। প্ৰেমমুগ্ধ কবিয়ে অনুভৱ কৰে, বিশ্বৰ সকলো সৌন্দৰ্য্য তেওঁৰ প্ৰেয়সীৰ দেহ-মনত থুপ খাই থাকে। প্ৰিয়াৰ ভ্ৰু- যুগলৰ কাষত মদনৰ ধেনুয়ে হাৰ মানে; তেওঁৰ কেশৰশি যেন আষা- ঢৰ ঘনকৃষ্ণ মেঘ; ওঁঠত কুঁহিপাতৰ ৰং আৰু কোমলতা;উঠন বুকুত পদুম কলিৰ সুকোমল শোভা, খোজত ৰাজহংসৰ ধীৰ লয়লাস গতি। সংস্কৃত কাব্যত এনে বিশ্বাসে। প্ৰচলিত আছিল যে সুন্দৰী নাৰীৰ পদা- ঘাততহে অশোক গছত ফুল ফুলে। এইদৰে নাৰী-সৌন্দৰ্যৰ অপাৰ সাগৰত ডুব দি বিভিন্ন যুগৰ কবি-সাহিত্যিকসকলে অজস্ৰ অমূল্য মণিমুক্তা বুটলি আনি সাহিত্য ভড়াল চহকী কৰি গৈছে। চিত্ৰকৰৰ

তুলিকাতো নাৰী-সৌন্দৰ্য্যৰ অসামান্য প্ৰকাশ দেখিবলৈ পোৱা যায়।

॥৩৭॥