পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সকলক গভীৰভাৱে পৰ্য্যবেক্ষণ কৰে। শিক্ষকে নিজে যিটো নকৰে বা কৰিব নোৱাৰে সেইটো কৰিবলৈ ছাত্ৰ-ছাত্ৰীক উপদেশ দিলে তেওঁ নিজৰ বিশ্বাসযোগ্যতা হেৰুৱায়, ছাত্ৰ-ছাত্ৰীৰ চকুত হাঁহিয়াতৰ পাত্ৰহে হয়। গতিকে শিক্ষা ফলপ্ৰসূ হবলৈ হলে শিক্ষকে ছাত্ৰক কেবল মৌখিকভাৱে নহয়, নিজৰ জীৱনাদৰ্শেৰে শিক্ষা দিব লাগিব। ছাত্ৰ-ছাত্ৰীৰ সৈতে আন্তৰিক সংযোগ স্থাপন কৰিবলৈ শিক্ষকে অহৰহ চেষ্টা চলাব লাগে। সিহঁতৰ মগজু ভৰাই তোলাতকৈ হৃদয়-বৃত্তি গঢ় দিয়াহে তেওঁৰ মুখ্য কাম।

 আমাৰ দেশে উপযুক্ত শিক্ষকক নায্য সন্মান দিয়াত কাৰ্পণ্য কৰা নাই। দেশৰ সৰ্ব্বোচ্চ সন্মান ৰাষ্ট্ৰপতিৰ পদবীত অধিষ্ঠিত ডাঃ ৰাধাকৃষ্ণন, ডাঃ জাকিৰ হুছেইন তাৰ উৎকৃষ্ট উদাহৰণ। অৱশ্যে সন্মান খাই জীয়াই থাকিব নোৱাৰি। গতিকে সন্মানৰ লগতে শিক্ষকৰ সামাজিক সুৰক্ষা, আৰ্থিক নিৰাপত্তা আদি সমস্যাৰ প্ৰতিও সমাজ আৰু চৰকাৰৰ নজৰ থাকিব লাগিব। আনহাতে শিক্ষকেও আত্মসমালোচনাৰ বাবে সদায় প্ৰস্তুত থাকিব লাগিব। পৰিতাপৰ কথা, শিক্ষক সমাজৰ পূৰ্ব্বৰ ‘স্বে মহিম্নি’ ৰূপ আজি নাই। কেবল ডিগ্ৰীয়েই শিক্ষক নিৰ্ব্বাচনৰ মাপকাঠি হোৱা বাবে বহু অযোগ্য লোকো শিক্ষা বিভাগত সোমাই পৰিছে। শিক্ষকে নিজে পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰা, পৰীক্ষাগৃহত ছাত্ৰক তেনে বেয়া কামত সহায় কৰা, সুৰাপান, গুৰু-শিষ্যাৰ মাজত কেলেঙ্কাৰী আদি, নানা লজ্জাকৰ ঘটনাৰ খলনায়কৰূপে শিক্ষকে সমাজত নিজৰ সন্মান, মৰ্য্যাদা হেৰুৱাইছে। এচামে আকৌ নিবনুৱা সমস্যাৰ পৰা ৰক্ষা পাবলৈ অগতিৰ গতি মাষ্টৰ চাকৰিত সোমাই শিক্ষা-দানক লৰা-ধেমালিৰূপে লোৱা দেখা যায়। শিক্ষকৰ নৈতিকতাহীনতাৰ এক শেহতীয়া দৃষ্টান্ত

॥ ১৮ ॥