পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তিনিবজাৰ পিছতহে শিশুগ্ৰামৰ নিজা বাছেৰে তেওঁলোক ঘৰলৈ উভ- তিব। অতিথিশালাৰ পৰিচালিকা গৰাকীয়ে আমাক হাত-মুখ ধোৱাৰ ব্যৱস্থা কৰি দিলে। এছ অ এছ, এক আন্তৰ্জাতিক শিশু কল্যাণ সংস্থা। বিশ্বৰ বিভিন্ন ঠাইৰ শিশুগ্ৰামৰ কৰ্ম্মকৰ্তা বা বিষয়ববীয়াসকল আহিলে সেই অতিথিশালাতেই থাকে। এখন ঘৰৰ দুৱাৰমুখত এজনী ছোৱালীৰ কোলাত এটি কেচুৱা দেখা পাই আমি অগিবাঢ়ি গ'লো। এগৰাকী গাভৰু ওলাই আহি আমাক নমস্কাৰ জনালেহি। তেঁৱেই সেই ঘৰৰ মাতৃ নেকি বুলি সোধাত গাভৰুগৰাকীয়ে ক'লে যে তেওঁ মাতৃ নহয়, মাহীহে। ঘৰখনৰ মাতৃগৰাকীয়ে অনিবাৰ্য্য কাৰণবশতঃ কিছুদিনৰ বাবে ছুটী ল'বলগীয়া হোৱাত বৰ্ত্তমান প্ৰশিক্ষণ লৈ থকা তেওঁকেই সাময়িকভাৱে শিশুকেইটিৰ তদাৰকৰ ভাৰ দিয়া হৈছে। পৰিয়ালটিৰ সাতোটি শিশুৰ ভিতৰত কনিষ্ঠ হ'ল কোলাত উঠি থকা সেই মৰম লগা ছোৱালীটি, নাম হ’ল পুষ্পা, বয়স আঠমাহ। হাত মেলোতেই কেচুৱাটি হাঁহি মাৰি আমাৰ কোলালৈ আহিল। ড্ৰইং ৰূমলৈ সোমাই গৈ দেখিলো, মাতৃ আৰু ল'ৰা-ছোৱালী কেইটিৰ কেইবাখনো ফটো ধুনীয়াকৈ সজাই থোৱা আছে। এখন পুষ্পাৰ অন্নপ্ৰাশনৰ ফটো-মোমায়েকে কেচুৱাটিৰ মুখত অন্ন দিছে। শিশুগ্ৰামৰ সঞ্চালক আৰু কাউঞ্চেলৰ—দু্যোজন আটাইবোৰ শিশুৰে উমৈহতীয়া মামা। মহিলা কাউঞ্চেলৰ এগৰাকীও আছে, তেওঁ আটাইৰে মাহী। এই কাউঞ্চেলৰ দুগৰাকীয়ে সকলো সময়তে পৰিয়াললৈ আৱশ্যকীয় দিহা-পৰামৰ্শ আৰু সহায় আগবঢ়ায়। ঘৰৰ ভিতৰ সোমাই চালো, সংলগ্ন শৌচাগাৰ, স্নানাগাৰৰ সৈতে তিনি চাৰিটা কোঠাৰ ঘৰ, অতি পৰিপাটী আৰু শৃংখলাবদ্ধ। প্ৰতিটো পৰিয়ালৰ জনসংখ্যা অনুপাতে শিশুগ্ৰাম কৰ্তৃপক্ষৰ দ্বাৰা খাদ্যবস্তুৰ যোগান ধৰা হয়। ঘৰ-সংসা-

ৰৰ যাৱতীয় সকলোবোৰ কাম মাতৃগৰাকীয়ে নিজেই কৰে নেকি?

॥১০৮॥