পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এছ অ’ এছ শিশুগ্ৰামলৈ গৈছিলো

 গুৱাহাটীৰ শৰণীয়া আশ্ৰমত বছৰি অনুষ্ঠিত গ্ৰামীন মহিলা চেতনা জাগৃতি শিবিৰৰ শিবিৰাৰ্থী সকলৰ সৈতে এবাৰ দক্ষিণ কামৰূপৰ আজাৰাত থকা এছ অ’ এছ শিশুগ্ৰাম চোৱাৰ সৌভাগ্য হৈছিল। পুৱা ন বজাত বাছেৰে গৈ কেইটামান শিশু আৰু নাৰীকল্যাণ কেন্দ্ৰ চোৱাৰ অন্তত দুপৰীয়া ডেৰ মান বজাত আমাৰ সিদিনাৰ ভ্ৰমণৰ শেষ লক্ষ্য শিশুগ্ৰামত উপস্থিত হ'লোগৈ। আমাৰ তালৈ যোৱা সম্পৰ্কে আগতীয়াকৈ শিশুগ্ৰাম কৰ্তৃপক্ষক জনাই থোৱা হৈছিল। গৈ পোৱাত অনুষ্ঠান কৰ্ম্মকৰ্ত্তাসকলে আমাক স্বাগত জনালে। শিশু- গ্ৰাম চৌহদত প্ৰথম দৃষ্টিতে যিটো কথাই আমাৰ মন আকৰ্ষণ কৰিলে সি হ’ল চৌহদৰ সুন্দৰ আৰু পৰিস্কাৰ-পৰিচ্ছন্ন পৰিবেশ। বিশাল চৌহদটোৰ দাঁতিয়ে দাঁতিয়ে ভিন্‌ ভিন্‌ পৰিয়ালৰ বাবে একোটা সৰু অথচ সুদৃশ্য ঘৰ। একোটি ঘৰত একোগৰাকী মাতৃৰ তত্ত্বাৱধা- নত আঠ দহোটি শিশু বাস কৰে। ঘৰৰ সমুখত বাৰেবৰণীয়া ডালিয়া ফুলৰ শাৰী। মাজে মাজে সেউজীয়া ঘাঁহনি। চৌহদত সোমায়েই দেখিছিলো এখন নানা তৰহৰ গোলাপৰ চালে চকু ৰোৱা ফুলনি। জকমকাই ফুলি থকা গোলাপ আৰু ডালিয়া ফুলবোৰ দেখি এনেহে লাগিছিল যেন সেয়া ফুল নহয়, শিশুৰ একোখন হাঁহি ভৰা মুখহে। শিশুগাঁৱৰ পৰিবেশ তেতিয়া নিজম পৰি আছিল। চৌহদৰ ভিতৰতে

থকা প্ৰাক্‌-প্ৰাথমিক বিদ্যালয়ৰ শিশুকেইটাই লগলাগি উমলি আছিল।

॥১০৭॥