পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বেৰ-চালৰ চিত্ৰবোৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে। ১৬ টা গুহাৰ বাহিৰে বাকীবোৰত কোনো চিত্ৰ-কৰ্ম্ম কৰা হোৱা নাছিল। তেনে কিছু গুহালৈ দৰ্শক নোযোৱাৰ ফলত সেইবোৰত বাদুলিয়ে বাঁহ লৈ দুৰ্গন্ধৰ সৃষ্টি কৰিছে। দৰ্শনযোগ্য গুহাসমূহত পোহৰৰ ব্যৱস্থা আছে।

 অজন্তাৰ চিত্ৰসমূহত ৰঙা, বগা, কলা, হালধীয়া, সেউজীয়া আৰু খুব কম পৰিমাণে নীলা ৰঙৰ ব্যৱহাৰ কৰা হৈছিল। সেই যুগৰ চিত্ৰকলা সম্পৰ্কে চলোৱা গবেষণাৰ পৰা জনা গৈছে যে চাল আৰু বেৰৰ চিত্ৰৰ (Mural Paintings) বাবে পোনতে গুহাৰ বেৰত বোকা, গোৱৰ আৰু তুঁহৰ মিশনেৰে প্ৰায় ডেৰ চেন্টিমিটাৰমান ডাঠ লেপ দিয়া হৈছিল। চিত্ৰপট মিহি কৰিবৰ বাবে তাৰ ওপৰত চূণৰ পাতল প্ৰলেপ দি পোনতে ৰেখাঙ্কন কৰি লৈ তাৰ পিছত তুলিকাৰে ৰং বোলোৱা হৈছিল। সেই কালত আজিৰ দৰে উন্নত মানৰ ৰং ওলোৱা নাছিল। গেৰুৱা মাটি, ৰঙা মাটি, চাকিৰ ছাই, কপাৰ। অক্সাইড'ৰ ৰাসায়নিক যৌগ আদি আৰু পাহাৰ পৰ্ব্বতত পোৱা সেউ- জীয়া শিল গুৰি কৰি আঠা মিলাই ৰং হিচাপে ব্যৱহাৰ কৰা হৈছিল। অজন্তাৰ বেৰত চিত্ৰিত বিভিন্ন ভঙ্গিমাৰ নাৰীমূৰ্ত্তি সমূহে যুগ যুগ ধৰি নাৰীৰ দেহ-সুষমাৰ প্ৰতীকৰূপে ভাৰতীয় শিল্প-কলাত বিশিষ্ট স্থান লাভ কৰি আহিছে।

 ভাৰ,১, ২, ১৬, ১৭ আৰু ১৯ নং হাত উৎকৃষ্ট চিত্ৰসমূহৰ সমাৱেশ দেখা যায়৷ বুদ্ধদেৱৰ জীৱন আৰু কাৰ্য্যাৱলী আৰু জাত- কমালাত পঢ়িবলৈ পোৱা, বোধিসত্ত্বৰূপে তেওঁৰ বিভিন্ন জন্মৰ কাহিনী- বোৰ অজন্তাৰ বেৰত চিত্ৰিত হৈছে। তাৰ বাহিৰেও চাল-বেৰত বিবিধ চৰাই, জন্তু; ফুল-জালি, মানুহ আৰু নানা ডিজাইন অংকিত হোৱা দেখা যায়। এই ছবিসমূহৰ পৰা সেইকালৰ মানুহৰ জীৱন-

ধাৰা, তেওঁলোকে পৰিধান কৰা সাজ-পোছাক আৰু আ-অলংকাৰৰ

॥১০১॥