পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১০০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্লোকৰ এইখন উপনিষদত মূলতত্ত্বৰ অৱতাৰণা আৰু কিছুমান বিৰুদ্ধ- বাদী বিষয়, যেনে-এক আৰু বহু, বিদ্যা আৰু অবিদ্যা, ত্যাগ ও ভোগৰ সমন্বয় সাধন কৰা হৈছে।

 ‘কেনোপনিষদ’ আৰম্ভ হৈছে কেইটামান প্ৰশ্নৰে। পিছলৈ ৰূপকৰ সহায়ত আত্মতত্ত্ব ব্যাখ্যান হৈছে। কেনোপনিষদৰ এষাৰি শ্ৰেষ্ঠ উক্তি হ’ল “আত্মনা বিন্দতে বীৰ্য্যং, বিদয়া বিন্দতে অমৃতম্।” অৰ্থাৎ আত্মজ্ঞানৰ দ্বাৰা বীৰ্য্য লাভ হয়। আত্মজ্ঞানৰ দ্বাৰা মানুহে উপলব্ধি কৰিব পাৰে যে জীৱৰ আত্মা ভিন ভিন নহয়। একেজন পৰমাত্মাই বিভিন্নৰূপে বিভিন্নজনত প্ৰকাশ পায়; এই যে বহুৰ মাজত একত্বৰ অনুভৱ – সিয়েই হ’ল বিদ্যা, এই বিদ্যাৰ অধিকাৰীজনেই সক- লোতে ব্ৰহ্মৰ উপলব্ধিৰ দ্বাৰা অমৃতত্ব লাভ কৰে।

 কঠোপনিষদত ব্ৰহ্মবিদ্যা ব্যাখ্যাৰ উদ্দেশ্যে যম আক নচিকেতাৰ আখ্যান ব্যৱহাৰ কৰা হৈছে। এই কথোপকথনৰ মৰ্ম্মাৰ্থ এয়ে যে জীৱৰ অন্তৰত,আত্মা-দেহ-মন ইন্দ্ৰিয়ৰ ক্ৰিয়াৰ দ্বাৰা আবৃত হৈ প্ৰচ্ছন্ন- ভাৱে থাকে। এই আত্মাই স্বৰূপতঃ পৰমাত্মা যি জ্যোতিস্বৰূপ, দেশ কালৰ উৰ্দ্ধত—যাৰ উৎপত্তি নাই, বিনাশো নাই। মৰণশীল মানুহে আত্মাক অমৃতস্বৰূপ পৰমাত্মাৰূপে উপলব্ধি কৰিব পাৰিলে এই দেহতেই ব্ৰহ্মভাৱৰ উপলব্ধি হয়।

 মুণ্ডকোপনিষদত আত্ম-পৰমাত্মা সম্পৰ্কে আলোচনাত প্ৰশ্নকৰ্ত্তা ৰূপে শৌনক মুনি আৰু উত্তৰদাতা ৰূপে অঙ্গিৰা ঋষিয়ে ভাগ লৈছে। ইয়াত কোৱা হৈছে—বিদ্যা দুই প্ৰকাৰৰ, পৰাবিদ্যা আৰু অপৰা বিদ্যা; যি বিদ্যাৰ দ্বাৰা অক্ষৰ ( যাৰ ক্ষয় নাই) পুৰুষ অৰ্থাৎ পৰম ব্ৰহ্মৰ জ্ঞান লাভ হয় সেয়ে পৰা বিদ্যা। বেদ-বেদাঙ্গ আদিৰ পৰা লাভ কৰা আন সকলো বিদ্যাই অপৰা বিদ্যা। অঙ্গিৰাই জীৱাত্মা-পৰমা-

ত্মাৰ পাৰ্থক্য বুজাবলৈ এটি সুন্দৰ উদাহৰণ দাঙি ধৰিছে; এজোপা

॥৯৫॥