পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মোক নুশুধিলে মই কিয় মৰাশ খালো। দেউতাকৰ
কথাশুনি ৰাক্ষসীক মাকৰ ঘৰত থবলৈ আপুনি লৈ আহিল।
ওজা : তেনেহ'লে তুমি মানুহ খোৱা নাছিলা?
ডাইনাপালী : কথাষাৰ আপুনি আগতে শুধিব পাৰিলে হয়?
ওজা : বাৰু মোক কথাখিনি বুজাই কোৱাচোন।
ডাইনাপালী : চাওঁক ভোলা কমাৰৰ কথা আপুনি জানে।
ওজা : শুনিছো।
ডাইনাপালী : ভোলা কমাৰৰ কোনো বেটা পুত্ৰ নাই। কিন্তু তেওঁ সদায়
কৰ্ম কৰে।
ওজা : তেওঁ কৰা উপাৰ্জন খিনি খাই শেষ কৰিব নোৱাৰেষ
বাকী ৰোৱা ধনখিনি ছমাহ বা বছৰত এবাৰ তেওঁ সোন
কিনে। সোনখিনি গলাই এটা লাৰু কৰে।
ডাইনাপালী : এই লাৰুবোৰ বুঢ়াৰ এখন জালমোনাত ভৰাই সদায়
ককালত বান্ধি ৰাখে।
ওজা : তুমি ইমান কথা কেনেকৈ জানিলা।
ডাইনাপালী : বুঢ়াই কেতিয়াবা কেতিয়াবা চাহ কাপ কৰি দিবলৈ পানী
একলহ আনি দিবলৈ মোক মাতিছিল।
: তাৰ পিছত কি হ'ল?
ডাইনাপালী : যোৱাকালী গধুলি যেতিয়া শুনিলো যে ভোলা কমাৰ
মৰিল। মই জানো যেহেতুকে বুঢ়াৰ কোনো নাই। বুঢ়াক
দাহন নকৰে। নদীত ভহাই দিব। সেই ভাবি মই গোটেই
ৰাতি শুব পৰা নাই।
ওজা : সেই কাৰণে তুমি ৰাতি নৌপুওতেই বিচনাৰ পৰা উঠি
হাহিৰ টোপোলা- ৭৬