পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ওজা : পিচত নদীলৈ যোৱা তিৰোতাবোৰে দেখা পালে বুঢ়াৰ
বোৱাৰীয়েকে মৰাশ খাই আছে।
ডাইনাপালী : কেইজনীমান দৌৰি আহি বুঢ়াক কলে। বৰগুণৰ বৰী
আইনছিল। নদীৰ মৰাশ খাই আছে।
ওজা : কি আচৰিত মৰাশ খাইছে। তাইক আজি ঘৰত সোমাব
নিদিও।
ডাইনাপালী : বুঢ়াই হাতত লাঠিদাল লৈ দুৱাৰ মুখত বহি থাকিল৷
ওজা : বোৱাৰী গা পা ধুই ভৰা কলহটো লৈ ঘৰলৈ আহিল।
ঐ বেটি। ঘৰ নোসোমাবি। হা তোক মই কি খাব দিয়া
নাই। ইমান আন্ধাৰতে উঠি তই মৰাশ খাবাহে নদীত
গেছা। ৰাক্যেহনী, খকে ধোইচ্চি মানুহ খাইতি। ঐ
বাপা খৰ্গে অহয় আহ।
ওজা : কি এ পিতা।
ডাইনাপালী : এই ৰাক্ক্যেহনীক মাকৰ ঘৰত থৈযা। দুখ নকৰিবি। মই
আক মাহৰ ভিতৰত তোৰ বিয়া পাতিম।
ওজা : এই ৰাক্ক্যেহনী ওলা। ঘৰৰ মান সন্মান চোব পুৰি খালি।
এখান ঘৰত তই কি খাব পোৱা নাই।
ডাইনাপালী : সমাজৰ আগত মই কেনেকৈ ওলাও। তই মোৰ জীৱনতু
শেষ কৰি দিলি৷ আজিৰ পৰা তোৰ এইখন ঘৰত ঠাই
নাই। অলো মই তোক মায়েৰ ঘৰত থৈ আহিম।
ওজা : বোৱাৰীক আগত লৈ খৰ্গে বোৱাৰীৰ মাকৰ ঘৰলৈ খোজ
ললে৷ কলহটো লগত লৈ গ'ল।
ডাইনাপালী : ৰদ বৰ টান। ইফালে বোৱাৰী তিনিমহীয়া গৰ্ভৱতী।
হাহিৰ টোপোলা- ৭৩