পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পদূলিতে দুষাৰ

 মোৰ ডাইনাপালী জীৱনৰ গভীৰ প্ৰতিশ্ৰুতি, প্ৰচুৰ সম্ভাৱনাৰ নাম হাঁহিৰ টোপোলা। প্ৰতিজন ওজাৰ ডাইনাপালী বাহিৰা কথা কয়, ফাক্‌ৰা কয়, ওজাই পদ গায়, ডাইনাপালী বাহিৰা কথা কয় কিন্তু বাহিৰা কথা কি? কিয় বাহিৰা বুলি কোৱা হয়? কাৰণ পদৰ লগত সামঞ্জস্য নথকা কিছু কথা অৱতাৰণা কৰিলে দৰ্শকৰ পদৰ ৰস আশ্বাদনত অসুবিধা জন্মায়। তাৰ বাবে সমাজে ডাইনাপালী বাহিৰা কথা কোৱা বুলি হেয় মনোভাৱ পোষন কৰে। জ্ঞানী দৰ্শক সকলে ইয়াক মুঠেও গ্ৰহণযোগ্য নকয়। মইয়ো এজন ডাইনাপালী, মই ইমান বেছি বাহিৰা কথা কওঁ যে আন কোনো ডাইনাপালীয়ে মোতকৈ বেছি বাহিৰা কথা কব নোৱাৰে। কিন্তু আজি বাৱন্নবছৰীয়া পৰিভ্ৰমিত সমাজত শুনা যায় যে কেৱল বাহিৰা কথা নকয় প্ৰভাত ডাইনাপালী।

 ইয়াৰ অৰ্থ মোৰ ক্ষেত্ৰত নহয় সকলো ডাইনাপালী লক্ষ কৰিব লাগিব পদৰ ৰসৰ লগত যাতে কথাখিনি ৰজিতা খাই, যেনে পদৰ উদাহৰণ হয় বাহিৰা কথাখিনি। ওজাপালীৰ ৰসাল কথাবোৰ ডাইনাপালীৰ পাৰদৰ্শিতাৰ ওপৰত বিশেষকৈ নিৰ্ভৰ কৰে। প্ৰকাশভঙ্গি সমাজক বেছি আমোদ দিয়ে। হাঁহিৰ টোপোলা আচলতেচ কোনোকালে কোনো লিখকে গ্ৰন্থৰ ৰূপত প্ৰকাশ কৰা নাই ফলত ই মুখৰোচক ৰূপত বাগৰি আছে। ময়ো কোনো দিনে ইয়াক গ্ৰন্থৰ ৰূপ দিয়াৰ কথা কল্পনা কৰা নাছিলোঁ। সেয়েহে চিৰস্বীকাৰ্য্য হাঁহিৰ টোপোলাৰ জন্ম দাতা ড° উপেন্দ্ৰজিৎ শৰ্মাদেৱ। হয়তো তেখেতৰ পৰশ আৰু আশীৰ্বাদ নাপালে কিজানিবা ‘হাঁহিৰ টোপোলা’ই বিজ্ঞ সমাজৰ মাজলৈ নাহিলহেঁতেন। এখন গ্ৰন্থত মোৰ পৰিৱেশত আতাইবোৰ বাহিৰা কথা প্ৰকাশ কৰা সম্ভৱ নহ’ব। সময় সুবিধা হ’লে ভৱিষ্যতৰ বোকোচাত উঠি হাঁহিৰ টোপোলা আকৌ আহিব।

 সদৌশেষত হাঁহিৰ টোপোলাৰ সৌষ্ঠৱ বঢ়াবলৈ যিসকলে হঁহিৰ টোপোলাক সজাই পৰাই আগবঢ়াইছে, শ্ৰদ্ধাৰ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি, সম্পাদক, সন্মানীয় বিষয়ববীয়া সকল লগতে মুখ্য টোপোলা বান্ধোতা ড° উপেন্দ্ৰজিৎ শৰ্মাদেৱ, প্ৰাক্তন সভাপতি ড°বিপিন চন্দ্ৰ কলিতাদেৱ, মান্যবৰ শ্বহীদ স্মৃতি মহাবিদ্যালয়ৰ সহঃ অধ্যাপিকা ড° দিক্ষীতা দেৱী বাইদেউ আৰু ফ্ৰেইণ্ডচ অফ্‌ছেট প্ৰেছৰ স্বত্বাধিকাৰী হিতেন্দ্ৰ ডেকা আৰু সমূহ কৰ্মচাৰীলৈ মোৰ হৃদয়ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ।

ধন্যবাদেৰে—
লিখক