এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ওজা | : | দে নামতু কৌ? |
ডাইনাপালী | : | মোৰ নাম নিধনী কেওত, পিতাৰ নাম ধনী কেওত। |
ওজা | : | ঐ নিধনী। কথাতু ভাল নহয় এ। তোৰ বাপেৰ ধনী |
সদাগৰ তাৰে পুতাক নিধনী কুনিনু থৈছিল এতোৰ | ||
নামটো। আজি তোৰ নামতু নেলখুদে। তই এটা ভাল | ||
চাই নাম লৈ সোমবাৰে আহিবি। | ||
ডাইনাপালী | : | হব ছাৰ। |
ওজা | : | আজি যা। |
ডাইনাপালী | : | মাষ্টৰৰ কথাশুনি নিধনী ভাল নাম বিচাৰি গাওঁৰ মাজে |
মাজে গৈ থাকিল। | ||
ওজা | : | ঐ চলি, ৰহ ৰহ গছদাল পৰিব কাটা হৈছি। অলপ ৰ |
ধিলা হৈ আছে মৰা গাছ। | ||
ডাইনাপালী | : | হেৰি কি গছ এইডাল। |
ওজা | : | অমৰা। |
ডাইনাপালী | : | বুলে মৰা গছ হে। |
ওজা | : | অ মৰা গছ। নচোৱা কিয়। |
ডাইনাপালী | : | কি উল্টা কথা কৱে হা। গছ ডাল হ’ল অমৰা। ইটা |
কৈছে বুলে মৰা গছ। | ||
ডাইনাপালী | : | তাৰ মানে অমৰাও মৰে। |
ওজা | : | ইয়াৰ পৰা যা কি উল্টা পুল্টা কথা সুধি থাকে। |
ডাইনাপালী | : | বৰ পিয়াহ লাগিছে অলপ পানী খাব পাৰিলে ভাল আছিল। |
হেৰি বৰ পিয়াহ লাগিছে অলপ পানী পাম নেকি? |
হাহিৰ টোপোলা- ৬৬