পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লোকশিল্পী প্ৰভাত হালৈৰ
‘হাঁহিৰ টোপোলা’লৈ অভিনন্দন

 নলবাৰী জিলাৰ বেলশৰ নিবাসী প্ৰভাত হালৈ ডাঙৰীয়া অসমৰ লোক- সংস্কৃতিৰ ক্ষেত্ৰখনৰ এগৰাকী খ্যাতিমান লোকশিল্পী। শৈশৱ কালৰ পৰাই অসমৰ লোক পৰিৱেশ্য কলা ওজাপালী অনুষ্ঠানৰ প্ৰতি প্ৰভাত হালৈ আকৰ্ষিত হৈছিল। তেওঁৰ পিতৃ প্ৰয়াত বিষ্ণু ডাইনাপালী এগৰাকী নামজ্বলা ব্যক্তি আছিল। হয়তো পিতৃৰ এই অসাধাৰণ গুণে শৈশৱৰ পৰাই প্ৰভাত হালৈ ডাঙৰীয়াকো আকৰ্ষিত কৰিছিল৷ কালৰ গতিত প্ৰভাত হালৈয়ে নিজ নাম-যশেৰে অসমৰ লোক-সংস্কৃতিৰ ক্ষেত্ৰখনত নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হ'ল। তেওঁ পিতৃৰ পদাংক অনুসৰণ কৰি কম দিনৰ ভিতৰতে ওজাপালী অনুষ্ঠানত ৰাইজক ধৰ্মীয় কাহিনীৰ সোৱাদ দিয়াৰ লগতে হাস্যৰস প্ৰদানেৰে নিজৰ তথা ওজাপালী দলটোৰ জনপ্ৰিয়তা সৰ্বত্ৰ অসমতে পৰিচিত কৰালে।

 প্ৰভাত হালৈ এক অনন্য গুণৰ অধিকাৰী, সাধৰণতে লোক শিল্পীবোৰৰ লিখিত সাহিত্য চৰ্চাৰ প্ৰতি হাবিয়াস কম। তেওঁলোকে মৌখিক ভাবে সাহিত্য সৃষ্টি কৰি লোক সমাজত বিতৰণ কৰে। প্ৰভাত হালৈ ডাঙৰীয়াই মনৰ তাগিদাত একান্ত ব্যক্তিগত প্ৰচেষ্টাৰে সাহিত্য চৰ্চা কৰিবলৈ গৈ এখনৰ পিছত আন এখন গ্ৰন্থ প্ৰকাশ কৰিবলৈ ললে। আজিৰ তাৰিখত তেখেতৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা কুৰিৰো অধিক।

 ১১জুলাই, ২০২১ ইং দেওবাৰে নলবাৰী জিলা সাহিত্য সভাই আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি প্ৰভাত হালৈ ডাঙৰীয়াই অফুৰন্ত প্ৰতিভাৰ বিষয়ে অৱগত হৈ মই ৰাজহুৱা ভাবে হালৈ ডাঙৰীয়াক এক দায়িত্ব দিছিলো যে আমাৰ ওজাপালীৰ মাজেৰে হাস্যৰসৰ খোৰক যোগোৱা ওজাপালীৰ সৃষ্ট কাহিনী- কথনবোৰৰ বিষয়ে গ্ৰন্থ আজিলৈ প্ৰকাশ হোৱা নাই৷ একো একোজন ডাইনাপালীয়ে সমাজ জীৱনৰ পৰা আঁতৰি যোৱাৰ লগে লগে এই হাস্যৰসিক কাহিনীবোৰ বিলুপ্তি