পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৫৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ডাইনাপালী: সুধিলাে।

ওজা: সন্যাসী কাক খালে পাপ নহয় বুলি কলে?

ডাইনাপালীঃ যিটো জগতৰ অকৰমন্য তাক খালে পাপ নহয়।

ওজা; মুখত হাত ভৰালে কষ্ট হ’ব বাবে মাছৰ গলৰ হীৰা
টুকুৰা নানিলা।

ডাইনাপালীঃ ইমান কষ্ট কৰিব নােৱাৰাে।

ওজা : আপেলৰ তলৰ সাত ৰজাৰ ধন নানিলা ? খান্দোতে
কষ্ট হ’ব বাবে।

ডাইনাপালীঃ মই বিনা কষ্টে ধনী হম।

ওজা: মােৰ কথা কলে অকৰমন্য জনক খালে একো পাপ
নহয়।

ডাইনাপালীঃ পাপ নহয়।
ওজা: হা উ ম

 *** *** ***


শহুৰ বােৱাৰী



ডাইনাপালীঃ ঐ বাপা চন্দ্র
 
ওজা : কি হ'ল পিতা?

ডাইনাপালীঃ ইগিলা কি শুনুৱে?

ওজা: কি?

ডাইনাপালী : তই বুলে মহাজনৰ জীয়াকক বিয়া কৰাব খুজিছা?

হাহিৰ টোপােলা- ৪৮