পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হ’ল। বাৰু কওকচোন উনচল্লিচ কিহে কিহে হয়।
ডাইনাপালী : আপুনি মোক শিকাবা আইছি? হেৰি মই মাইনাৰত
ফাচ ডিভিজনে তিনিবাৰ ফেল কৈচু। মোক শিকাবা
আইচি? দুইত ন উনচল্লিচ।
ওজা : হেৰ দুইত ন উনত্ৰিশ। বাৰু বাদ দিয়ক? মোক আজি
লাগে। আজি পাৰিবনে?
ডাইনাপালী : আপুনি বৰ ভাগ্যবান। আজিৰ দিনটোৱে কেৱল ৰেচ
আছে।
ওজা : বাৰু যোগাৰ কি লাগিব কওক।
ডাইনাপালী : গণনীৰ যোগাৰ বেচি নাই। ফুল-তুলশী, ঠগি আখান,
ফলি-পেঞ্চিল এক যোৰা, বৰণৰ কাপোৰ এক যোৰা,
ডাব নাৰিকল তিনিটা, শুকান নাৰিকল পাঁচটা, আইজুং
চাউল আধা বস্তা, দুবৰীবুন এক আটি?
ওজা : বাকীখিনি হ’ব ৰব। চাউল আধা বস্তা আৰু দুবুৰী বন
এক আটি
ডাইনাপালী : লাগিব? আশীৰ্বাদ দিওতে
ওম সবিতানী পৰাশুভ যত ভদ্ৰা তন্না শুভ
কান্দক কান্দক পুৰুষ পুৰুহহন্তি
একাটি দুৱেন লগত আনি
ডামুৰী সতৈনচ।
ওজা : হয় আমাৰ ঘৰৰ মানুহ চাৰিজন হে। ইমান চাউল, ডুবা।
ডাইনাপালী : কি চাউলৰ মাঠা মাৰিছে? আজিকালি চাউলৰ মূল্য নাই?
হাহিৰ টোপোলা- ২৫