পৃষ্ঠা:হাহিৰ টোপোলা.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডাইনাপালী : হব দক চাৰ।
ওজা : ভাল পাব যাওক।
ডাইনাপালী : উহ উহ ডাক্তৰবাবু।
ওজা : হেৰ আপোনাৰ ভৰিত কি হল।
ডাইনাপালী : লেমৰ ভাঙা চিমনী কাইতলাক ডাক্তৰবাবু।
ওজা : ইচ ইচ আপোনালোক বৰ অসাৱধান। ভঙা লেমৰ ছিমনী
কত পেলাইছিল আপুনি?
ডাইনাপালী : মোৰ ঘৰত কাটা নাই দেওক ডাক্তৰ বাবু?
ওজা : তেনেহলে ক’ত কাটিলে?
ডাইনাপালী : মিলৰ পিছত ঔষধ খাব যাওতে কাইতচি ডাক্তৰবাবু।
ওজা : কি মিলহে।
ডাইনাপালী : ধান বানা মিল।
ওজা : কি বুজি নপোৱা মানুহ হে আপুনি? মিলৰ পিছত বুজি
নাপাই। এটা নতুন বেমাৰ চপাই ললে। এই কাগজখন
লক সেইটো ৰূমত নাৰ্চ আছে ভৰিখন ভালকৈ ড্ৰেচিং
কৰি দিব। বিষ আছেনে নাই?
ডাইনাপালী : বৰ বিহ ডাক্তৰবাবু, ৰাতি ঘুমটি আহা নাই।
ওজা : এই দুইবিধ পিল এৰে এটা তাৰে এটা আহাৰৰ পিছত
খাব। ভুল নকৰিব, যাওক সেইটো ৰূমক লেগি যাওক।
ডাইনাপালী : উঃ উঃ ডাক্তৰ বাবু।
ওজা : আপোনাৰ দেখো কি অৱস্থা হৈছে। আপোনাক কৈছিলো
কি ইমান দিন কি কৰিলে।

হাহিৰ টোপোলা-২৩