এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাৰি আনি কৰোহো নিৰ্জল
দা কতাৰি ধৰি
টুকুৰা টুকুৰি কৰি
জীৱে খাই পাওঁক পৰিত্ৰাণ।
ওজা : এই নাৰিকল খ ঘোষা। হেৰা এই ঘোষা কোনে লিখিছিল জানা?
ডাইনাপালী : কিয় নাজানিম
ওজা : কোনে লিখিছিল৷
ডাইনাপালী : আমাৰ কাকাই।
ওজা : হেৰা অসম্ভৱ কথাবিলাক সমাজৰ মাজত ক’ব নালাগে।
ডাইনাপালী : মই একো অসম্ভৱ কোৱা নাই৷
ওজা : নাজানিলে সুধিব লাগে। ঘোষা শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে লিখিছে।
ডাইনাপালী : মাধৱদেৱ মোৰ কাকা হয়।
ওজা : আগৰ দিনত ডাঙৰ ভাইক কাকা বুলিছিল।
ডাইনাপালী : ময়ো সেই কাৰণে কাকা বুলিছো।
ওজা: মাধৱদেৱ তোমাৰ ডাঙৰ ভা।
ডাইনাপালী : সেই কাৰণেতো।
ওজা : কেনেকৈ? কি সম্বন্ধ, বুজাই কোৱা।
ডাইনাপালী : শ্ৰীমন্ত শঙ্কৰদেৱ জগতৰ গুৰু।
হাহিৰ টোপোলা- ১৩১