পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী : ওজা : ডাইনাপালী : মোৰ প্ৰশ্ন কি জানে ওজা : লগে পক্ষীয়ে ..... ৰজাক কলে। হে ৰজা মোক বধ কৰাৰ আগত আপুনি মোক কেইটামান প্ৰশ্নৰ উত্তৰ দিব লাগিব। যদি প্রশ্নকেইটাৰ উত্তৰ দিব পাৰে তেতিয়া আপুনি মোক বধ কৰিব পাৰিব। ডাইনাপালী : আৰু যদি উপযুক্ত উত্তৰ দিব নোৱাৰে মোক যথা স্থানত থৈ আহক। হে পক্ষীবৰ, মই আপোনাক শতকৌতি প্রণাম জনাইছো। এনেকুৱা গুঢ়াৰ্থৰ অৰ্থ মই বুজাই কব নোৱাৰিম। দয়াকৰি পক্ষীবৰ এই প্ৰশ্নৰ তত্ব আপুনি মোক বুজাই দিয়ক। হে পক্ষীবৰ, আপুনিয়ে কলে ৰাম মুৰ্খ। যি জগত পতি ৰাম। এই ৰাম কেতিয়া কিয় মুৰ্খ হৈছিল এই কথাখিনি মোক বুজাই কওঁক। 8 ডাইনাপালী : হে ৰজা। বিশ্বশ্রষ্টা জগদিশ্বৰ ৰাম ভুত ভবিষ্যত অতীত বৰ্তমান যাৰ নখ দৰ্পনত। সেই প্রভু ৰামৰ এটা সৰু ভুলৰ বাবে তেওঁ মুৰ্খৰ পৰিচয় দিছিল। অর্থাৎ ওজা ৰাম মূৰ্খ, ৰাৱন মূৰ্খ মূর্খ দুর্যোধন তাতকৈ মহামূর্খ শাল্বৎ ৰাজন। এই প্রশ্নকেইটাৰ উত্তৰ দি মোক বধ কৰক। হাহিৰ টোপোলা-১০০