পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালী : ইটা তোমাক কোনটো বামুনৰ গুণ লাগে। ওজা

আগে আহুটোকে কোৱাচোন। ৰাম অৱতাৰত বামুনৰ ডাইনাপালী ঃ নউতা আছিল গুন। কৃষ্ণ অৱতাৰত বামুনৰ কান্ধত নগুন।। কান্ধত লৈ বামুনে মুখত কৰে ৰাম ৰাম । বাটে বাটে সুধি ফুৰে কাৰ ঘৰত আছে কাম।। মই আছিলো তাচ খেলে খচকৈ আহিলু উঠি। বাটতে বামুনক পাই সুধিলো পিতাৰ কামৰ তিথি।। আজি আছিল হবিচ তোৰ কালি পিতেৰ কাম ৷ দাউৰা দাউৰি যোগাৰ কৈনি মই পুৱাই উঠি যাম।। বামুন মাতি আহোতে মোৰ গাটু আহিল হেলে। তিনদাল আইঠা কল কাতি চতলোত দিলু ফেলে।। হাহিৰ টোপোলা- ৯৪