পৃষ্ঠা:হালধিবটা আবেলি.pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শব্দ-শস্য

অনবৰতে পিতাইৰ কথাবোৰ পাগুলিয়াই থাকিবলৈ আই নাই
আইলৈ মনত পৰিলে জুপুকা লাগি কাষত বহি থাকিবলৈ
পিতায়ো নাই

দুয়োটাই ধোঁৱা হৈ উৰি গুচি যোৱা বাটটোতে বহি আপোন শব্দ বিচাৰি বিচাৰি
হাবাথুৰি খাওঁ
কোলাহল ভাল নোপোৱা আৱেগবোৰক বৰষুণত মেলি দি বাট চাওঁ
পানীপোতাত জীয়ন দিয়া
পোনামাছৰ দৰে জী আছেনে মৰি যোৱা শব্দবোৰ

জগতৰ সকলো শব্দৰ মাজত প্ৰিয় সেই শব্দ
অথচ বিবৰ্ণ, শেঁতা আৰু চেঁচুক পৰা
মজিয়াখনিত শুৱাই দি আয়ে বিৰবিৰাইছিল—‘শো বাছা শো’
আৰু টোপনিক সাবটি লৈছিলো
যি টোপনিয়ে উজাগৰে ছট্‌ফটাই আছিল যুঁজাৰু ঘোঁৰাৰ চকুত

তীক্ষ্ণধী ঘোঁৰা এটাত উঠি সেই শব্দ মই কদাপি বিচৰা নাছিলো
মোৰ আপোন শব্দ জী আছে তেওঁৰ চকুত
যিয়ে কপালৰ ঘাম মাটিত মচি এসাঁজ-এমুঠিৰে যাপন কৰে সুখৰ ৰাতি৷