এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হালধিবটা আবেলি
উঁই
জেওৰাৰ জৰীপে ঘেৰি থোৱা এধানি মাটি— তাতে লাইপুলি বাঢ়িছে
নেমু ফুলিছে,
হাটৰ বেহেৰুৱাটোৱে ক’লে— পুলিৰ গুৰিত চূণ-চাধাকে দিবা
কীটঘ্নতকৈও চাৰ
জুহালৰ ছাই ছটিয়াই খেদিব পাৰিবা মাটিৰ অপায়-অপদেৱতা
সুহৃদৰ জেপৰ পুৰাণ শুনি শুনি জগতৰ কথা গণিছো
আগচোতালৰ ধূলি-বালিৰ সপোন পূৰঠ হৈ
যেনি-তেনি উৰি যোৱাৰ কথা ভাবি ভাবি নখে মাটি লেখিছো
বিশ্বাসৰ আঙুলিত ধৰি খুপি খুপি আগুৱাইছো পুৰণি বাটেৰে
কঠনা ফুলৰ পানীৰে বৰআইৰ পানীজোলা পখালিছো
মৰ আঁউসীত নাকাটি জোনাকতে কাটিছিলো বাৰীৰ ঢাপৰ বাঁহ
তথাপি জেওৰাৰ বুকুৱেদি কুৰুকি কুৰুকি
উঁই এজাক সোমাইছে
পিঠিতকৈ কোমল বাবেই বুকুৰ বলুকাত উঁয়ে নিজাকৈ গাঁও এখন পাতিছে
এখনৰ পাছত আন এখন বিধ্বস্ত-বিধুৰ বুকু
কামিহাড়ৰ ভিতৰলৈকে উইৰ দাঁতৰ কেঁচা কুটকুটনি…..