পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হালধি-বটা আবেলি

সমুখৰ হালধি-বটা আবেলিটোৱে আমাৰ ৰিক্ত দিনৰ বহু কথা জানে
আকালৰ দিনত লেকেচিৰ তুলিকাৰে বিষ্ণু ৰাভাৰ চুলিৰ ঢৌ আঁকি
নিজকে নিপুণ কমৰেড্ কুলৰ বুলি বুকুত থপৰিয়াওঁতে
কামিহাড় এডাল খেট্‌কৈ উঠিছিল

সেই কথা ছোমালিয়াৰ ছবিখনৰ দৰে
আত্মজ্ঞানী শগুণটোৱে ভালকৈ জানে ভোকত মানুহ লাহে লাহে মৰি আহে
ভোকত মানুহে স্বীকাৰ কৰে— জিকি যোৱা পক্ষৰ স্তাৱক আমি
হাৰি যোৱা পক্ষৰো বিহ্বল শ্ৰোতা বুলি সন্তাপ উজাৰে
হাতত উন্মীলিত হৈ উৰি থাকে ক’লা পতাকা

মূৰৰ ওপৰেৰে উৰি যোৱা ধুমুহাক আওকাণ কৰি
জী থকাৰ ভাৱনা লৈ সপোন দেখা পথিক আমি
সেই কথা সমুখৰ হালধি-বটা আবেলিটোৱে জানে— ৰিক্ত দিনৰ ঘাম আৰু তেজ
তেজ আৰু ঘামৰ পৌনঃপুনিক সমীকৰণে
স্থিতাৱস্থাৰ জেদ বঢ়ায়। আমি কিতাপ পঢ়া ল’ৰা হ'ম বুলি জেদ কৰো
আৰু এদিন জেদত জিকি কঢ়িয়াই লৈ ফুৰো কিতাপৰ ভাৰ

কিতাপত অঁকা থাকে এটা আবেলিৰ হালধীয়া বৃত্ত
বৃত্তটোৰ ভিতৰত ৰামধেনুৰ সাতোটা ৰঙে আঁকে এটা দীঘলীয়া গো-বাট
সেই বাটেৰে ছট্‌ফটাই দৌৰি ফুৰে শৈশৱৰ হালধি-সনা আবেলি....৷