পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নাহৰ

নাহৰ ফুলা খবৰটো ওঁঠত লৈ
এপাক ঘূৰি অহাৰ অচিলাকণো নোহোৱা হ’ল
কালি নাহৰজোপা কটা গ’ল, সীমাত নপৰিল
সীমাৰ সিপাৰে দলং, ইটোপাৰে ওখ দেৱালত
মূৰ আফলিয়ালেও আৰু নুফুলে নাহৰ
গেৰেপনি লাগি পিছবাৰীৰ বাটটোও কাঠনি হ’ল

এনেকৈ যে কিমান খবৰ
কটা যোৱা লেণ্ডলাইনৰ তাঁৰতেই থাকি গ'ল
নাহৰৰ পাছত তগৰ ফুলিছিল
তগৰৰ পাছত কত যে ৰজনীগন্ধা শুকাই লেৰেলিল

তথাপি নাহৰ ফুলা বতৰটোলৈ ৰৈ থাকো—
সাঁচি ৰাখো অময়া প্ৰেমৰ পেৰাটো
পেৰাটো খুলি উৰুৱাই দিব নোৱাৰি পুৰণি পাতখাৰুৰ পখিলা
মোহনী লগা স্মৃতিৰ দাপোণ—
বাৰে বাৰে উভতি চাওঁ খিৰিকী খোলা আছেনে তোমাৰ

বহু কথা ভাবনাৰ মাজতে ৰাখি জুমি জুমি চাই ভাল পাওঁ
দিঠকনো কি সপোনৰে অলপ অভিনয়;
সপোনতহে সংকোচৰ জপনা ভাঙি ক'ব পাৰি
মোৰ বাবে ৰুই থ’বা তোমাৰ পদূলিত ৰজনীগন্ধাৰ এটি পুলি...৷