এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চেকনি
চেনিৰাম ছাৰৰ চেকনিডাল চিক্চিকাই আছিল বাবেই
সৰসৰকৈ মুখস্থ আছিল নেওতা
অবাটে যোৱা খোজটো চিধা বাটে পোনাইছিল
ভয় কৰিছিলো নে শ্ৰদ্ধা নে বিশ্বাস
উপৰিপুৰুষৰ চেকনিৰ পৰম্পৰা পিতাইৰ হাতলৈ বগুৱা বাই আহিছিল
আৰু আমি হৈ পৰিছিলো একান্ত ঘৰগোনা
ভৰসা আছিল বাবেই চেকনিৰ আগত বিদ্যা আছিল
অথচ চেনিৰাম ছাৰৰ চেকনিৰ চিক্মিকনিয়ে কাহানিও চুই যোৱা নাছিল
হাত-পিঠি-কলাফুল
বিশ্বাস আৰু শ্ৰদ্ধা আছিল বাবেই
বেৰত গুঁজি থোৱা চেকনিডালৰ ফালে সদায় এটা সেৱা আছিল
মনৰ ভিতৰতে৷