পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কাৰোৰে প্ৰিয় হ’ব নোৱাৰিলো

হাতত বাঁহী আছিল।
অথচ সেই বাঁহীৰ মাত শুনাকৈ কাযত কোনো নাছিল।
দূৰৈৰ ফেঁচুজনীয়ে মোৰ বাঁহীৰ মাত নকল কৰি
সুহুৰিয়াব শিকিছিল
আৰু এদিন বহু জনপ্ৰিয় হৈ বঁটা বুটলিছিল

আগৰ ঠাইতেই মই ৰৈ আছিলো
হাতত আছিল পুৰণি বাঁহীটো
একেযোৰ সাজ
চিলাই ফটা একেটাই কামিজ

ডেটিঙত আহি পায়চাৰি কৰি থকাবোৰে মোক চিনি পোৱা নাছিল
আৰু কোৱা-কুই কৰিছিল
ফেঁচুৰ মাত নকল কৰা
এইজনা মান্ধাতা যুগৰ মাতাল মানুহ

বাঁহীটো মোৰ কঁকালৰ খোঁচনাত লৈ অপ্ৰিয় সত্যবোৰক কঢ়িয়াই ফুৰো
অপবাদৰ জেওৰা নেওচি
ৰাতিক দিন কৰো
সেইবাবেই মই কাৰোৰে প্ৰিয় হ’ব নোৱাৰিলো...৷