পৃষ্ঠা:হালধিবটা আবেলি.pdf/৩১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভ্ৰম নে মায়াৰ জীৱন

অকলে-নিজানে কাটি আছো এই বাট, থুৰুহি সময়ে এৰি যোৱা খোজত
এবেগেত ভৰিখন থৈ
দাঙি আছো হালি পৰা চালিখন, মূৰৰ ওপৰৰ ধুমুহাজাকক
সোধা নহ’ল মোৰ দোষ-দুৰ্বলতা, প্ৰেম-অপ্ৰেমৰ কথা

দকৈ ভাবি-গুণি বুজি পালো
অকলে-নিজানে নিজকে বহু কথা সুধিব পাৰি
সুখ বা দুখৰ ভাও এটা লৈ নিজকে চাই শুধৰাব পাৰি কেঁচা অভিনয়
এনেকৈ শুধৰণিৰ মাকো মাৰি থাকোঁতেই
সময়ে খোঁচ এটা মাৰি থৈ গ’ল
নিমিযতে পাৰ হৈ গ’ল গাঁও-চুবুৰিৰ পুৰণি বাখৰুৱা ছবি

হাতে-হাত ধৰি কিমান যে ল’ৰালি
হাৰিও জিকি যোৱা খেলখন ক’ত খেলো এতিয়া
অৰণ্যতো নাই চৰাইৰ মাতত হেৰাই যোৱাকৈ
বতাবনৰ জতুগৃহ সাজি জ্বলাই দিবলৈ তোমাৰনো ক’ত সময় অ’ গৰখীয়া

স্মৃতি-বিস্মৃতি আৰু ভ্ৰমৰ মাজত এতিয়া এই সময়
কোনে কাক কেতিয়া ঠগি গুচি যায় মায়া এৰি
কুশলে জী আছো বুলি মিছাতে৷