পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কথা বাঁহী

যোৱা ৰাতি বাঁহীৰ মাতত নে জিলীৰ মাতত
তোমাৰ গাটো ইমান কঁপিছিল

কঁপনিতে তুমি লতাৰ দৰে মেৰিয়াই ধৰা গা-গছডালো
তেতিয়ালৈ আছিল নিস্মৰ-নিস্পন্দ

তোমাৰ উশাহ আৰু কঁপনিৰে পুৱাৰ পোহৰ হ’ল
পাখি গজি চৰাই উৰিল
এখিলা-দুখিলাকৈ পাতেৰে সেউজীয়া হ’ল
নিৰন্ন দুপৰ

তুমি হাতেৰে থপিয়াই সাঁচি ৰখা জোনাকী পৰুৱাটো
এতিয়ালৈ চাগৈ এটা ভৰা জোন হ’ল
প্ৰিয়জনৰ আগত লুকুৱাই ৰখা সেই কথাটো
এতিয়া দোভাগ ৰাতিও কথা বাঁহী হৈ উৰি ফুৰিছে
অনুৰঞ্জিত বুকুৰ তলিত
সোণপৰুৱা হৈ জিলিকি উঠিছে

এনেকৈয়ে কথা বাঁহী হৈ উৰি ফুৰে দিনে-ৰাতি— তেজেৰে নিমিলা এটা সম্বন্ধ
উৰি উৰি ভাগৰ সলাবলৈ নামি আহে মাটিলৈ
পানী খাই একেলগে একেখন নৈৰ উপলা ঘাটত...৷