পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ৰত্নাৱলী পঢ়

অঁ ৰত্নাৱলী পঢ়, থিৰ হৈ ডিঙি মেলি চা—
চৌফলীয়া ৰ’দে চেঁচুকৰ পৰা বোৱাই নিছে
কজ্জলী এন্ধাৰ
তিনিআলিত বহি ভাগ্যক ধিয়াওঁতে ধিয়াওঁতে চৌভিতি বিকা গ’ল
থাকিল মাথোঁ শূন্যতাৰে ওপচা চোতাল

উকলি যোৱা সেই সময়বোৰ আছিল নিৰন্ন দিনৰ দুঃপাঠ্য
এতিয়া নতুনকৈ কামত ধৰ, কঠিন বুলি একো নাই
কঠীয়া চৰুত অঁকাৰী চাউল সিজাৰ দৰে ফুলিব এদিন সৰল হাতৰ কল্পতৰু ছ

খামিডাঠ কৰ, ৰণলৈতো যাব নালাগে, ভাগি যোৱা গাঁওখনতেই তাঁত-বাটি কৰ
ভীমকলৰ পুলি দুটা ৰো; পশ্চিমে বাঁহ, পূবে হাঁহ
কুৰুৱা বতাহত গাভিনী হ’ব কাকিনি তামোল

ধনেশ্বৰৰ পুতেক ফণীধৰ নন্‌মেট্ৰিক, কি নাই কৰা সি— খেতিৰ ফচল খায় কোনে
তাহানিৰ ওৰাং মৌজাত সিয়েই তহচিলদাৰ সিয়েই কাউঞ্চিলৰ
গাঁৱত জেঠুৱা ভাওনা— ফণীধৰক মাত
পাত-পটুৱা কটাই নাই তাৰিখ চাপিল— ফণীধৰক মাত

আচলতে মন মেলিলে সকলো সিজে, দেখিছানে পানীত চহৰ পানীত গাঁও
মুঠতে থিৰ হৈ পোনাই যা— থিতাতে বেগাই আহ
হাতে ধৰা কাম বিশ্বাসত লোৱা ঈশ্বৰ নামৰ দুগুটি অক্ষৰ
অঁ ৰত্নাৱলী পঢ়, দুটা পদ্য লেখ— সুখ আৰু দুখৰ....৷