পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

শব্দ-শঙ্খ

শব্দ-শঙ্খৰ ৰাগিনীৰে ৰাতিৰ জোন এটা নামি অহাৰ দৃশ্য
কেৱল কবিয়েহে দেখে উজাগৰী জলজ চকুৰে

মেঘবোৰ পানীৰ টোপাল হৈ মাটিৰ জৰায়ুত অৱগাহন কৰিলে
কি হয় কি হয় কবি
শস্যৰ শিশু ওপজে
সেই উৎসৱত ফুলে-পাতে চৰাইৰ কোৰ্হাল
জয়াল বাঁহনিডৰাত কোন পখীৰ তোলনি বিয়া যে
আখৈ ফুটাৰ দৰে জোনাকী পৰুৱাৰ চঞ্চল ছিটিকনি আহি
পদূলিমুখত পৰেহি

শব্দ-শঙ্খেৰে উদযাপিত প্ৰিয়তম পৃথিৱীৰ কথা
কেৱল কৃষক কবিয়েহে জানে
নাঙলৰ সীৰলুত ৰাজহাড় বেঁকা হোৱালৈকে
মহাকাব্যিক জীৱন-গাথাৰ যি নিলিখা প্ৰবাদ
বোকা-পানীৰ লেপনে তাৰ আকাৰ দিয়ে
হাবিয়নি ফালি অনাখৰী কবিৰ মুখত ফুটে বনঘোষা
শব্দবোৰ শঙ্খৰ দৰে নিৰলে বাজি উঠে
তেওঁৰ পুৰণি তানপুৰাত

সেই শব্দ আৰু লোকগাথাক লৈ আমি দীঘল শোভাযাত্ৰা কৰো এতিয়া
সমলয় সমস্বৰে গাওঁ বন্দিত গান
ভাওনাৰ বচন মাতি মাতি খেদি ফুৰো তেজাক্ত দানৱক
পলাই ফুৰে মুখাধাৰী ভাষ্যকাৰ
শব্দ-শঙ্খৰ সনাতন ৰাগক তেওঁ ভয় কৰে, সত্যই মিথ্যাচাৰক
দ পিতনিত পুতি পেলোৱা সাধুটো তেওঁ শুনিছে

লেবেজান হৈ এন্ধাৰৰ মূৰ্তিবোৰে এনেদৰেই শৰণাগত হয় পোহৰৰ বাটত
শব্দ-শঙ্খৰ মাতে পুষ্প বৃষ্টি কৰে, হেৰুৱাজনে বিচাৰি পায় অমৃত জীৱন…….৷