পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

উৰণীয়া বৰষুণ

ফাটমেলা বসুমতীলৈ চাই চাই উৰি ফুৰা বৰষুণজাকক
এইকেইদিন গালি নাপাৰা মানুহ নাই
ভেকুলীৰে যোৰাই কিমানে যে নাক কাটিলে বৰষুণৰ

বৰষুণেনো কি জানে বতৰৰ কথা— খৰালি নে বাৰিষা
বতাহৰ সুহুৰিত পেখম মেলা মেঘৰ ঘাম বৰষুণ

মেলা খিৰিকীৰে ছিটিকি অহা বৰষুণ
এছাৰেকণিৰে কলেজলৈ গৈ থকা গোলপীয়া ছাতিৰ
ছোৱালীজনীক আমনি কৰা বৰষুণ

এনে বৰষুণতেই হাফপেডেল মাৰোঁতে মাৰোঁতে
কিমানবাৰ যে বাতিল হৈছিল ধৈৰ্যৰ পৰীক্ষা

এতিয়া পৰৰ কথা পাই বৰষুণজাক উৰণীয়া হ’ল
উৰি উৰি খীণকাই বগা বগলী যেন হ’ল বৰষুণ
মাটিক পাহৰি বনৰীয়া হ'ল
প্ৰেমৰ বৰষুণ।