পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

সন্ধিয়াৰ মালিতা

সন্ধিয়াতে ভোটাবোৰ জ্বলি উঠিল
পামৰী বস্ত্ৰৰ আঁৰত এন্ধাৰৰ আস্ফালন — অগ্নিগড়ৰ তলেৰে অৱনত
ভাওনাৰ বিলম্বিত বচন

দিনান্তৰ সামৰি ক্লান্ত দেহৰ শয়নপ্ৰীতি
উতলা তেজ পানী হৈ পৰে সন্ধিয়াৰ এই মালিতাত
গল্পৰ পাতনিতে গল্প এটা সাৰ পায়
ক্ৰমে উচ্চাংগ হৈ আহে
ডিঙিলৈ উজাই অহা প্ৰেমৰ আৱাহনী সংগীত

সন্ধিয়াতে গুজব এটা ভাঁহি ফুৰে কাণে কাণে
পদূলি শুঙাই শুঙি ফুৰে
আফুলন ফুলনিত হাত দি জৰিমনা ভৰে
কোন সেই বাঁহীবাদক, কি বেজাৰত উজাৰি দিয়ে বুকুভৰা উষ্মা

সন্ধিয়াতে জ্বলি উঠা আৰিয়াৰ পোহৰত হৰধনু ভাঙোতাজনৰো
একেই গুজব
প্ৰজাৰ সুখত বলিয়া সি; বনবাস দিয়ে আপোন তিৰোতাক

মাত্ৰ তিতাত এঙামূৰি দি দি পাৰ হয় সুদীৰ্ঘ ৰাতি
সন্ধিয়াৰে পৰা যি মালিতাৰে থাকে বুকু ভৰি
পুৱালৈ সেই মালিতাৰ শলিতা নুমাই উদং হয় চকুৰ চাকি।