পৃষ্ঠা:হালধিবটা আবেলি.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দুৰুলিয়া ভাঁজৰ জীৱন

এটা ভাঁজত আধা জীৱন আৰু আনটো ভাঁজত জীৱনৰ পূৰ্ণতা
পূৰ্ণতা মানে নহয় যে শীৰ্ষ শংকুলৈ আৰোহণ কৰি
জীৱনে সামৰি লয় অসীম প্ৰাপ্তিক

জীৱনে মাথোঁ পিছ হুঁহকি নোযোৱাকৈ
থুপাই লয় কায়কৃত সংগী

চকুৰ মণিৰ আপডালত পুথি নপঢ়া, সাধু নিলিখা
পুৰণি কথা
সৰুতে কঠনা ফুলৰ পানীৰে গা ধুৱাওঁতে দেহত একো ভাঁজ নাছিল
জনা হোৱাৰে পৰা পৰৰ ফুলনিত চকু দিওঁতে দিওঁতে
চকুৰ মণিটো পৰৰ হ’ল বুলি জানি
এতিয়া এটা ভাঁজত লুকুৱাই ৰাখো নিজকে

উচ্ছ্বসিত টিটকাৰি দিয়া নিৰাভৰণ সময়বোৰ এতিয়া
ভৰফাগুনত পৰিল
সৰাপাতৰ ভাঁজত সৰ্পিল ভাবনাক এৰি দি
এতিয়া শুই থাকো, দুৰুলিয়া ভাঁজত সোমাই ভাবি থাকো
জীৱন সদায় অপূৰ্ণ— মাথোঁ সন্ধিয়া হ’লৈ কোৰ্হাল কৰো
দলনিৰ দাউকজনীৰ দৰে।