এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
কবিতা
গুণগুণনি এটা শুনিছো অথচ কোনেও গোৱা নাই গান
ঝৰঝৰণি শুনিছো অথচ কোনোকালে বৈ অহা নাই
এই বননিৰে পাহাৰীয়া নৈ-জান
এই বননিত নুশুনাকৈ শুনিব পাৰি।
নোচোৱাকৈ চাব পাৰি
মাথোঁ নুশুঙাকৈ শুঙিব নোৱাৰি অকটা বিষফুল
এই বননিৰ যি বাটেৰে তুমি খোজকাঢ়ি যোৱা
সেই বাটৰ কোনো দিশ নাই
তুমি যি দিশেৰে গুচি যোৱা
সেই দিশৰ চাৰিসীমা নাই
তুমি নথকা দেশ নাই, মাটি-পানী-বায়ু
সৰ্বব্যাপী তোমাৰ তেজ
তোমাৰ উত্তাপেৰে আমাৰ দিন
আমাৰ দিনৰ ৰাতি নাই— ৰাতিবোৰক পোহৰ কৰা তুমি উত্তাপৰ চুমা খাই
সেইবাবেই তোমাক চুই চায় ৰ’দে
আজীৱন বুৰাই ৰাখে বৰষুণে
উমান নোপোৱাকৈ
তোমাক খুলি খুলি খায় হালধীয়া জোনটোৱে...৷