এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মোৰ পৃথিৱী
বাহিৰত কি চলিছে নাজানো
ভিতৰত বৰ চেঁচা সেমেকা শোৱাপাটী, জুই একুৰা জ্বলাই লৈছো
উহোৱা শাক আৰু
ৰঙা আহু চাউলৰ এসাঁজেৰে উদৰটো পূৰাই ভাবিছো
বাহিৰৰ কথাৰে মোৰ চৰু নিসিজে
ভিতৰৰ বতাহেৰে মোৰ সৰু হাঁওফাও চাৰিটা চলিছে
ল’ছালি তিৰোতাক সাহস দি কৈছো
মই ইয়াতকৈ আৰু নিঃকিন নহওঁ
তোমাৰ ব্লাউজটো ফিচিকিব নিদিবা
লাগিলে পিন দুটা খুলি
সৰুটোৰ পেনত মাৰি দিবা— তাৰ বুটাম ছিগিছে...৷