পৃষ্ঠা:হালধিবটা আবেলি.pdf/২১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

কথকতাৰ অদৃশ্য ক’লাজ

একাষৰীয়াকৈ থৈ দিয়া কথাবোৰক কেতিয়াবা জুকিয়াই চাওঁ বুলি
সূতাৰ আঁত বিচৰাদি বিচাৰি থাকো যদিও
হেৰাই থাকে চুলি যেন কথাৰ মহঙা শিপা

কথাৰে অলপ সীমা চেৰাওঁ বুলি কথা গৰকি
পাৰ হ'ব খোজো ওখ পকি দেৱাল
কথাৰ কঠনা নুফুলেহে নুফুলে উভতি আহে জিভাৰ পাক
সহজে মুখলৈ নহা কথাবোৰক আঙুলিৰে শূন্যতে আঁকি দেখুৱাওঁতে
হয়গৈ কিছুমান যখিনীৰ ছবি
কিছু সময়ৰ পাছত যখিনীৰ ছবিবোৰ ভাগি-ছিগি
ঠেকেচা খাই পৰেহি মাটিত
তথাপি বুজোঁতাই বুজে ভাবনাৰ আঙুলিৰে অঁকা এখন অপূৰ্ণ ছবিৰ
অদৃশ্যমান কথকতাৰ ক’লাজ

দুখত তাপিত খেয়ালী মনে আঁতৰাই থোৱা জীৱনটোক
উদযাপন কৰিবলৈ বাট চাই থাকে সময়লৈ
যদিও পাখিলগা সময়ে আঁতৰি গুচি যায় মাটিত দীঘল আঁচ এডাল টানি
সেই আঁচক মচিব নোৱাৰি আমি কেৱল জিকিবলৈ
আৰ্জিত আঁচ টনাদি আৰু কিছুমান আঁচ টানো
আঁচেৰে ভৰি পৰা জীৱনটোত কথাবোৰে আঁত হেৰায়
কথাবোৰ গিলিপ খাই ধৰে পুৰণি ঔষধৰ টেমাটোৰ দৰে

নজনাকৈ হয়তো সেই কথাবোৰত একুৰা জুই জ্বলি থাকিব পাৰে
নজনাকৈ সেই কথাবোৰত মিশ্ৰণ হৈ থাকিব পাৰে
এচামুচ চকুৰ পানী-৷