পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ভাত

ভাতৰ বাবেই গোলামি খাটো
কান্ধ পাতি লওঁ
আস্তাবলৰ বোজা

চাবুকৰ দৰে কটু বাক্যত মই পথভ্ৰষ্ট নহওঁ
কাৰণ মই জানো যে মোৰ এই নিমখীয়া ঘামতেই
পোনাহঁতৰ আয়ুস, জীৱন-যৌৱন

সিহঁতৰ সপোনবোৰৰ বাবেই মই অহৰহ শিল ভাঙো
কোৰ মাৰো বুলড’যাৰ চলাওঁ

মই জানো মই জানো যে
গোলামৰ সিটো পিঠিত স্বাধীনতাৰ ৰং
যি ৰঙেৰে হাঁহিব পাৰি
পোহৰ কৰিব পাৰি চাকি নজ্বলা দুখৰ ৰাতিক।