পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নৈৰ কথাৰে

যিমানে নৈখন বহল হৈ গৈ আছে পাৰ বান্ধি বান্ধি সিমানে মাজলৈ ঠেলি গৈ আছো
পাৰ কাটি কাটি নৈখনক বহল কৰা প্ৰথম মানুহ আমিয়েই
নৈৰ পানী ঘোলা কৰি পাছত পৰিশোধনৰ বক্তৃতাৰে
শীতল পানীতো বৰফ দি খোৱা মানুহ আমিয়েই

তেনে মানুহৰ প্ৰায়চিত্তৰ বিধান কি
বিধান গঢ়োঁতাইহে জানে কিদৰে গঢ়ি-পিটি সুৰুঙা এটি ৰাখে
ধোঁৱা উৰুৱাই গুচি যায় ডিঙিৰ শিৰ ফুলাই কথা কোৱা মানুহ
ডিঙিৰ শিৰ ফুলাই কথা কোৱা মানুহৰ স্বৰ্গপ্ৰাপ্তি সহজ
সেই কথা জানিও ভোগবাদে বশীকৰণ কৰে সসাগৰা পৃথিৱীক

মানুহক সৰ্বস্ব দি দি শেঁতা পৰি যোৱা নৈখনৰ বঙিয়াইদি উজাই আহিলে গম পাবা
নৈখনৰ একো ভুল নাই
পাক খোৱা ৰছীৰ দৰে অকাই-পকাই বৈ থকা নৈখনিৰ একো কথাৰে পাক নাই
পলসৰ জৰায়ুত সঁপি দি যায় সকলো সাঁচতীয়া ধন-সোণ
সেই পলসতেই আজোককাৰ দিনৰ পৰা আমাৰ হাড়ৰ খেতি
ৰাজহাড় পোন হ’ল— মূৰ দাঙি চাব পাৰো এতিয়া অসূৰ্যস্পৰ্শা আকাশ
এবেগেত মাটিত থিয় হৈ হুৰাই দিব পৰাকৈ কণ্ঠস্বৰ এটা হ’ল
নিমখ আৰু ৰঙা চাহ চাকি চাব পৰাকৈ এখন জিভা
বিদায়ৰ যান্ত্ৰণা মানি ল’ব নোৱৰাকৈ এটা কোমল কলিজা
এটা বৰ্ণিল মগজু গজি উঠিল এই পলসৰ পৃষ্ঠতেই

এই নদীয়ে নিচুকাই থৈ যোৱা নদীয়ালৰ নাৱত অলেখ সৰাপাতৰ আবেলি
নদীয়ালে মাথোঁ জানে নাৱৰ কথা— উজাই অহা মাছৰ ভৰসাত
লিখে-ফালে দিনলিপিৰ কবিতা
পাৰ কাটি কাটি বহলাব নাজানে নৈখনক অথবা
পাৰ বান্ধি বান্ধি চেপিব নাজানে নৈৰ বুকুখনক
নৈখনৰ আজন্ম স্নেহনীল নদীয়ালজন তেনেকৈয়ে থাকি যায়
ডিঙিৰ শিৰ ফুলাই পঢ়িব নাজানে যন্ত্ৰণাৰ কবিতা।