পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

প্ৰেম-পৰ্বান্তৰ

যিমানে অপ্ৰেমৰ ভাও নধৰা কিয়, তুমি ধৰা পৰি যোৱা
যেতিয়া পকা জলফাই এটা জিভাত দিয়া,
যিমানে গহীন হৈ নেদেখুওৱা কিয়
ফাগুনৰ চিলা এটাই তোমাৰ চিলাটোৰ চুলি যেন সূতাডাল কাটোঁতে
সকলো জেদ বলিশালত জাপি দি তুমি দৌৰিছিলা মাথোঁ
চিলাটোৰ পাছে পাছে

আৱেগৰ সেই দৌৰত পিছলৈ ঘূৰি নোচোৱাৰ বয়স এটা আছিল তোমাৰ
কতনা হাবি-বন, পৰ্বত-কন্দৰ চেৰাই বুকুৰ সৰু জগতখন
এনেকৈয়ে ঘূৰি থাকে

সেই ঘূৰণত আত্মকথন আৰু আত্মমন্থনৰ হৰা-জিকা
নেমুপুলি এটা ডাঙৰ কৰাৰ দৰে আঙুলিৰ যতনত বাঢ়ি অহা তোমাৰ তৰুণ পৃথিৱী
জীৱন মানেই প্ৰেম যদিও ছিগি যোৱা সূতাডাল যোৰা লগোৱাৰ
যো-জা কৰি থাকোঁতেই
দোভাগ ৰাতি হয়
অথচ জোনাকো নাথাকে ৰৈ— মৰ-আঁউসী আহে নেকি এনেকৈ
নিজম হৈ পৰাকৈ তোমাৰ গধূলি-গোপাল ফুলা পদূলিলে’

বহুদিনৰ পাছত দুনাই খুলি লোৱা চিঠিৰ খামটোৰ পৰা পখিলা
উৰাদি উৰে পৰ্বান্তৰৰ প্ৰেম
ফাগুনৰ চিলা এটা হোৱাৰ বয়স নাথাকে
নাথাকে চুই চোৱাৰ অতি অভিলাস। কিমানবা মৰ্মন্তুদ এতিয়াও
তোমাৰ সেই প্ৰজাপতি হৃদয়৷