পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জীৱন

কাৰ বাবে ৰৈ আছো উদাসী মনৰ চিলা উৰুৱা হাত মেলি
জানো পূৰ্ণতাৰ ৰূপকাঠি শূন্যতাৰ নীলিমাত নাথাকে
অপ্ৰাপ্তিৰ খিৰিকীৰে সোমাই নাহে সুখৰ জেউতি
চপৰা-চপৰে খহি পৰা সময় বুলুকাৰে বগাই নাহে বুকুলৈ
ইপ্সিত সৰ্পিল নৈ

উভতি অহা বগলীজাক বাঁহনিজোপাত নাই বুলি জানিও খেপিয়াই চাওঁ চকুৰ নিমিষেৰে
চৰচৰণি কেৱল বাঁহপাততে নাথাকে
কলিজাৰ ভাঁজত জাপ খাই থকা যুগান্তৰৰ সৰাপাতেও মাতে
শেষ হৈ যোৱাৰ পাছতো জী থাকে এচলু মায়া
যি মায়াৰ পাশত বন্দী হৈ থাকে নৈৰ পাৰৰ লঠঙা গছ
আৰু শ্মশানৰ নিৰ্বোধ চণ্ডাল
সুদূৰৰ সেউজীয়াত বুৰ যাব খোজা দৃশ্যবোৰক চকুৰ পলকেৰে আঁকিছো
জানো সেই দৃশ্যৰ শেষ নাই
তথাপি শেষ হোৱাৰ আশংকাত কঁপি থাকে অৰণ্য
বুলি থাকে জীৱন নামৰ এগছি বন্তি..৷