পৃষ্ঠা:হালধিবটা আবেলি.pdf/১৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

পানী-ঘোষা


পানী-শিলনি শুকাই শেলাই বান্ধিছে, উৰণীয়া ডাৱৰ এডোখৰে
আকাশত চিলনী সাঁতোৰ শিকিছে

মৈয়াই থোৱা চপৰাত বন-নহৰু এডাল গজিবলৈও নাই পানী
বোবা হুমুনিয়াহ এটা ওলাই আহিছে
উদং কলাফুলৰ তিলটোকে তাল কৰি মেঘে গৰজিছে বুলি মিছা মতা নাই
শুকান জেওৰা এখনতে ভেঁজা দি আছো
ভাদ মাহৰ বুটমাহ তিয়াই পানী এঢোক গিলিছো

ওলাইনো যাওঁ কেনি
হুৰাই দিব নেলাগে চৰাই— এইবেলি আহুধান নাই
পানী ভাঙি ভাঙি উজাব নেলাগে নাও
শোকৰ সাতসৰী পিন্ধি মজিয়াতে চিৎ খাই আছে দাৱনীৰ সপোন

ভৰ দুপৰীয়াৰ সুহুৰি এটিও নাই, পাত এখিলা নকঁপাকৈ থিয়দঙা দি ৰৈ আছে ৰ’দত
নিসাৰ বৃক্ষ ছায়া
পেট চুঁচি নিয়া দিন এটা আহিছে
অসাৰ হৈ অহা মন-মগজুৰ স্মৃতিবোৰ ভ্ৰম হৈ উৰি ফুৰিছে চাটকৰ দৰে
সন্ধিয়াৰ চাকি এগছি জ্বলি নঙলামুখেদি ওলাই আহিছে
এফাকি বিলম্বিত পানী-ঘোষা৷