এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
মাটি জীৱনৰ মূলাধাৰ
খেঁজালনি নুফুটা সৰল-সদালাপী এখনি মৌসনা মাটিৰ মুখ
এই জীৱন পানীৰ, এই দেহ মাটিৰ বুলি বুজনি নিদিয়াহেঁতেন
নুবুজিলো হয় আজিও
ক’ত কেনেকৈ একেডৰা মাটিতে খান্দি আছো অতদিন বুৰঞ্জীৰ হাড় বিচাৰি
উফৰি আহে কোৰ, ছিটিকি আহে জুই
শিলাময় অভেদ্য দিনান্তৰৰ পৃষ্ঠত লাগি খহি পৰে মোৰ হাতৰ শিলাকুট্টক
তথাপি খান্দি আছো, এদিন সহজ হ’ব আৰু পমি আহিব লাহে লাহে চকুৰ শিলীন্ধ
মৃন্ময়ী মুখ সশোক সময়ৰ ৰাতিবোৰক সাধুকথাৰে গিলিপ মাৰি থ’ব পৰা আইৰ মুখ,
তেতিয়াই নুশুনা হ’লে সসাগৰা পৃথিৱীৰ ইমান ছট্ফটনি
নুবুজিলোহেঁতেন, সেয়ে আজি ফেৰ মাৰি বতাহৰ স’তে বজাওঁ অহীৰৰ বাঁহী
নৰানিত ওঁঠ চেপি গাওঁ জীৱন যুঁজৰ সংগীত
সলিমাটিৰ বাউসিক উধান কৰি জুই একুৰা জ্বলাই ৰৈ আছো
ৰৈ ৰৈয়ো নিগাজি নহয় এই পথাৰ
ধোঁৱাই ঘেৰি ধৰিছে, খহনীয়াত মাটিবোৰ কমি আহিছে
চেপি আহিছে জীৱনৰ মূলাধাৰ।