এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
দেও
ইমান দেও-পিশাচৰ গল্প বাটে-ঘাটে
চৰুৰ চাউল নিসিজা হ’ল, সন্ধিয়াতে নুমায় দুখৰ লণ্ঠন
পাতি চাইকেল এখনো বাটলৈ নোলোৱা হ’ল
নিমখৰ দাম বাঢ়ি বাঢ়ি আয়’ডিন কমি যোৱা আইৰ চকুত
বিষণ্ণ হালধীয়া কাহ এটাৰ অস্বস্তি
গোটেই গাঁওখনতে জ্বৰ — চাৰিওখন এম্বুলেঞ্চতে অক্সিজেন নাই
মাইকণৰ মাকৰ চিঞৰ— বাপেকটো ঢুকাবৰ দুমাহ হৈছিলহে বিধি
ছিৰিলি ছিৰিলিকৈ ফলা কেঁচা খৰি — কোনোপধ্যে নজ্বলে চিতাৰ জুই
নৈৰ সিপাৰৰ বাইলুঙে আহি তালফাল লগাইছে
হেনো কোনোবা দেও-ভূত চাপিছে
বিহলঙনিৰ আগ ৰঙা পৰি শুকাই লেৰেলিল
তথাপি বাপুকণৰ নাড়িৰ বিষ নকমিল
বিপন্ন দিনক পোহপাল দিওঁতে শেষৰ দিনা সি লঘোণে আছিল
কি দেও চাপিছে— কি দেও চাপিছে
উজাগৰী গঞাৰ চকুলৈ নামিছে কাল ঘুমটি...৷