পৃষ্ঠা:হালধিবটা আবেলি.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

মোৰ দেশ মোৰ কথা

মোৰ দেশ মোৰ কথা একান্ত ব্যক্তিগত বাবে সেইসকলৰ সৈতে
ভাগ-বতৰা নকৰো
মোৰ দেশৰ স্তুতি শ্ৰুতিক কেৱল এটা গান বুলি ভাবি থকাসকলৰ শুভদিন আহক
সিদিনা বুজিম নাইবা একেলগে প্ৰাৰ্থনাগৃহত নিৰ্গুণ ঈশ্বৰৰ নামত
দিয়া-লোৱা কৰিম শুভকামনাৰ প্ৰসাদ

মোৰ দেশে মোক যি দিছে, তাৰেই এই মাটি-কালি
সীমাৰ আকাশে আৱৰা এই দিকবলয়ত হেৰোৱা আৰু পোৱাৰ হস্তলিপি
মনোকষ্ট অথবা মনোবেদনা মাথোঁ আমাৰ ভাবনা
মূৰত ভাৰ বৈ বৈ আদবাটত মূৰ্ছা যোৱা গৰ্ভৱতীৰ পৰা
শিশু এটি কামনা কৰো
যিয়ে তুলি ল'ব পাৰে স্বদেশৰ ভাৰ আৰু সুনাম

পাৰ হৈ অহা বুৰঞ্জীৰ পাতত মৰমৰাই উঠা ছবিবোৰৰ স’তে কথা পাতোঁতে
সুধি চোৱাৰ বাসনা আছিল
সোধাহে নহ'ল স্বাধীন হৈয়ো কিয় ইমান পৰাধীন
এই খাটিখোৱা মাটিৰ মানুহ।