পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২২ ]


এটা লাইনৰ তলত আন এটা লাইন লিখিবলৈ হলে তলে-ওপৰে সমান ঠাই এৰিব লাগে। এটা লাইনৰ হ্ৰস্ব ইকাৰ আৰু দীৰ্ঘ ঈকাৰ বা হ্ৰস্ব উকাৰ আৰু দীৰ্ঘ উকাৰ আন এটা লাইনৰ ওপৰত বা তলত যাতে নেলাগে তালৈ লক্ষ্য ৰাখিব লাগে।

 আখৰ ভাল কৰাৰ লগে লগে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতিও চকু দিব লাগিব। আখৰ যেনিবা ভালেই হ’ল তাতে যদি লেপথেপকৈ এসোপা চিয়াহী লাগি থাকে তেনেহলে সেই আখৰ ভাল দেখক ছাৰি বেয়াহে দেখাব। কিছুমানে ধূন লগাবলৈ গৈ ঘঁহি ঘঁহি আখৰ বেয়া কৰি পেলায়। পাৰিলে আখৰ এপাকতে লিখি শেষ কৰিব লাগে৷ হাতৰ ঘাম বা চিয়াহীৰ দাগ বহীত নেলাগিবলৈ হাতৰ তলত এখিলা কাগজ লোৱা যুগুত। ওপৰা-ওপৰিকৈ লিখা আঙুলিৰে মোহৰা চিয়াহীৰ দাগ বা টোপাল পেলোৱা এই বিলাক বেয়া অভ্যাস। আখৰ সদায় পৰিষ্কাৰ হব লাগে। থুল-মূলকৈ আখৰ ভাল কৰাৰ উপায় কেইটামানৰ কথা কলোঁ। তোমালোকে চেষ্টা কৰি চাবা।

⸻⸻