পৃষ্ঠা:হাতৰ আখৰৰ কথা.pdf/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৭ ]


 অসমীয়া ভাষাত মুঠ ৫৮ টা আখৰ। ইয়াৰে স্বৰবৰ্ণৰ ১২ টা আৰু বাকী ৪৬ টা ব্যঞ্জন বৰ্ণৰ। +১ আটাইবোৰ আখৰৰে মাত্ৰা একে নহয়। কেতবোৰৰ আকৌ মাত্ৰাৰ ব্যৱহাৰ মুঠেই নাই। সেইবোৰক মাত্ৰাহীন আখৰ বোলে। সাধাৰণতে মাত্ৰা চাৰি প্ৰকাৰ। পূৰ্ণ মাত্ৰা, বাম মাত্ৰা, সোঁ মাত্ৰা আৰু টিক মাত্ৰা।

 আখৰ লিখোতে মাত্ৰাৰ ব্যৱহাৰ ভালদৰে কৰিব লাগে। নহলে অখৰবোৰ বিকৃত হয়। “য’’ পূৰ্ণ মাত্ৰাৰ আখৰ আৰু “খ” টিক মাত্ৰাৰ আখৰ। থ লিখোতে যদি ওপৰত পূৰ্ণমাত্ৰা দিয়া হয় তেনেহলে তেওঁ হয়তো “থ” টোক “য” বুলিয়েই পঢ়িব।

 তাহানি পাঠশালা স্কুলত চিঞৰি চিঞৰি পঢ়া মনত পৰে। তেতিয়া আকাৰ একাৰৰ জ্ঞান তেনেকৈয়ে পাইছিলোঁ। ক’ত কি ব্যৱহাৰ হয় জনা নাছিলোঁ। মাতোতে মাতোতে কণ্ঠস্থ হৈ গৈছিল। অকল কণ্ঠস্থই নহয় দিনে দিনে চিলটত লিখিও দিছিলোঁ৷ নহলে চেকনিৰ কোব খাব লাগে।

 এ ঐ ও ঔ আদি আখৰৰ নিচিনা আকাৰ [া ], একাৰ [ ে], ঐকাৰ [ ৈ], ওকাৰ [ ো ] আৰু ঔকাৰ [ ৌ] মাত্ৰাহীন | সচৰাচৰ ইহঁতৰ মাত্ৰা নাথাকে। কিন্তু শব্দৰ ভিতৰত লিখিব লাগিলে মাত্ৰা বহে। মাত্ৰা দিহে লিখিব লাগে। কেৰ্কেটুৱাই তামোল কুটে, এই বাক্যত “কেৰ্কেটুৱা” শব্দটোৰ আদিতে একাৰ বহা কাৰণে একাৰত মাত্ৰা নাই। কিন্তু ভিতৰত [ দ্বিতীয় আখৰৰ আগত ] থকা বাবে মাত্ৰা বহিল। সেইদৰে “তামোল” শব্দটোৰ আকাৰ আৰু ওকাৰ ভিতৰত থকা বাবে যথাক্ৰমে সোঁ আৰু বাম আৰু সোঁ টিক মাত্ৰা বহিল।

 গৌৰীকান্তই পাঠ পঢ়ে —এই বাক্যত শব্দৰ আদিতে ঔকাৰ বহা বাবে ঔকাৰ মাত্ৰাহীন; কিন্তু ভিতৰত লিখিব লগা হলে সোঁ আৰু বাম দুটা মাত্ৰা দিব লাগিব। হ্ৰস্ব ইকাৰ [ ি ] আৰু দীৰ্ঘ ঈকাৰ [ী ] পূৰ্ণ মাত্ৰাৰ। ইহঁতক য’তেই